ডিজিটেল ডেস্কঃ ভাৰতীয় ক্রিকেট দলৰ তাৰকা বেটাৰ তথা টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক ৰোহিত শৰ্মাই টেষ্ট ক্রিকেটৰ পৰা অৱসৰ লোৱাৰ কথা বুধবাৰে ঘোষণা কৰে। ৰোহিতে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আগতেই অৱসৰ লৈছিল। এতিয়া টেষ্টৰ পৰাও অৱসৰ ল'লে।
অৱশ্যে তেওঁ এদিনীয়াত খেলি যাব বুলি প্রকাশ কৰে। কালি কৰা ঘোষণাৰ লগে লগে ৰোহিতৰ ১১ বছৰীয়া টেষ্ট জীৱনৰো অন্ত পৰে। ৰোহিতে ৬৭খন টেষ্টত খেলে আৰু ইয়াৰে ২৪খনত দলক নেতৃত্ব দিছিল। তেওঁৰ নেতৃত্বত ভাৰত ১২খন টেষ্টত জয়ী আৰু ৯খনত পৰাজিত হৈছে।
ৰোহিতে টেষ্টত ১২টা চেঞ্চুৰি আৰু ১৮টা অর্ধশতকসহ ৪০.৫৭ গড়ে ৪৩০১ ৰান সংগ্ৰহ কৰে। টেষ্টত তেওঁ ৮৮টা ছয় আৰু ৪৭৩টা চাৰি মাৰিছিল। তেওঁ ২০১৩ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে কলকাতাৰ ইডেন গার্ডেনত অভিষেক টেষ্টত চেঞ্চুৰি কৰিছিল।
তেওঁ অন্তিম টেষ্ট খেলে যোৱা বছৰ ২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা মেলব'র্ন টেষ্টত। তেওঁ সামাজিক মাধ্যমত কয়, 'মই সকলোকে জনাব খুজিছোঁ যে মই টেষ্ট ক্রিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছোঁ। দেশক প্রতিনিধিত্ব কৰিবলৈ পোৱাটো মোৰ বাবে সন্মানৰ কথা। ইমান দিনে পাই থকা স্নেহ আৰু সমর্থনৰ বাবে সকলোৰে প্ৰতি কৃতজ্ঞতা প্রকাশ কৰিছোঁ। মই এদিনীয়া ক্রিকেটত ভাৰতক প্রতিনিধিত্ব কৰি যাম।'