ডিজিটেল ডেস্ক : ভাৰতীয় অ'পেনাৰ ৰোহিত শর্মাই ৩৫২ এদিনীয়া আন্তর্জাতিক ক্ৰিকেটৰ ইতিহাসত সর্বাধিক ছিক্সাৰ কোবোৱাৰ অভিলেখ প্রতিষ্ঠা কৰিছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দেওবাৰৰ প্ৰথম এদিনীয়াত সেই ৰেকৰ্ড গড়ে ৰোহিতে।
ভাৰতৰ তাৰকা অ'পেনাৰগৰাকীয়ে সেই অভিলেখ গঢ়াৰ পথত পাকিস্তানৰ শ্বাহিদ আফ্রিদীৰ অভিলেখ ম্লান কৰে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাত নমাৰ আগেয়ে ৩৪৯টা ছিক্সাৰ কোবাইছিল ৰোহিতে আৰু আফ্রিদীতকৈ দুটা ছিক্সাৰ কম আছিল। আনহাতে আফ্রিদীয়ে ১৯৯৬ চনৰ পৰা ২০১৫ চন পর্যন্ত ৩৯৮ খন এদিনীয়াত ৩৫১টা ছয় কোবাইছিল।
ৰোহিতে ভাৰতীয় ইনিংছৰ পঞ্চদশ অ'ভাৰত দক্ষিণ আফ্ৰিকাৰ স্পীনাৰ পিনেলান ছুৱেয়েনৰ বলত একেৰাহে দুটা ছিক্সাৰ কোবাই আফ্রিদীৰ ৰেকৰ্ড স্পৰ্শ কৰে। ইয়াৰ পাছত মার্কো হানছেনৰ বলত ছিক্সাৰ কোবাই কম ইনিংছ খেলি এদিনীয়াত সর্বাধিক অ'ভাৰ বাউণ্ডেৰীৰ বিশ্ব ৰেকৰ্ড গড়ে ৰোহিতে। ৩৮ বছৰীয়া সোঁহতীয়া বেটাৰ ৰোহিতে এদিনীয়াত নিজৰ ৬০ সংখ্যক অর্ধ-শতৰান পূৰ কৰাৰ পাছত সেই বিশ্ব ৰেকৰ্ড গঢ়ে। ৰোহিতে মূৰকত ৫০টা বলত ৫৭ ৰান কৰি আউট হয়।