ডিজিটেল ডেস্ক : পর্তুগীজ তাৰকা ক্রিষ্টিয়ানো ৰ'নাল্ডোৱে ছেপ্টেম্বৰত আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ল'বলৈ সাজু হোৱা বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। ৱেলছৰ বিৰুদ্ধে অহা ২৪ ছেপ্টেম্বৰত পৰ্টুগালৰ উয়েফা নেশ্যনছ লীগৰ মেচখনৰ পাছতেই ৪১ বছৰীয়া তাৰকা ফুটবলাৰগৰাকীয়ে নিজৰ ২৩ বছৰীয়া বৰ্ণময় কেৰিয়াৰ সামৰিব বুলি এক ৰিপ'ৰ্টত প্ৰকাশ পাইছে।
পর্তুগালৰ জাৰ্ছীৰে ৱেলছৰ বিৰুদ্ধে নিজৰ অন্তিম মেচখনত নামিব বিশ্ব ফুটবলৰ অন্যতম তাৰকা ফুটবলাৰগৰাকীয়ে। ৰ'নাল্ডোৱে ২০০৩ চনত যিখন ষ্টেডিয়ামত আন্তঃৰাষ্ট্ৰীয় ফুটবলত অভিষেক ঘটাইছিল সেইখন লিছবন ক্লাব ষ্টেডিয়ামতে পর্তুগাল আৰু বেলছৰ মাজৰ নেশ্যনছ লীগৰ মেচখন অনুষ্ঠিত হ'ব। সেয়ে, ৰ'নাল্ডোৰ অৱসৰ ঘোষণাক লৈ জল্পনা-কল্পনা অধিক তীব্ৰতৰ হৈছে।
পর্তুগালৰ হৈ ২০০৩ চনত অভিষেক ঘটোৱা ৰ'নাল্ডোৱে ১৪৬টা গ'ল দি বিশ্ব ৰেকৰ্ড প্ৰতিষ্ঠা কৰি থৈছে। ৪১ বছৰীয়া ৰ'নাল্ডোৱে দলৰ ৪৬টা গ'লত সহযোগিতা কৰিছিল। ইয়াৰ লগতে ২৩৩খন আন্তঃৰাষ্ট্ৰীয় মেচত অংশ লোৱাৰ আন এক ৰেকর্ডো আছে ৰ'নাল্ডোৰ নামত। দেশৰ হৈ নিজৰ বৰ্ণময় কেৰিয়াৰত ৰ'নাল্ডোৱে ২০১৬ চনত উয়েফা ইউৰো, ২০১৯ আৰু ২০২৫ চনত উয়েফা নেশ্যনছ লীগৰ খিতাপ জিকিছিল। উল্লেখযোগ্য যে সদ্য সমাপ্ত বিশ্বকাপেই তেওঁৰ অন্তিম বিশ্বকাপ বুলি ঘোষণা কৰিছিল।