ডিজিটেল ডেস্ক : পদূলিমুখত হেঁপাহৰ ৰঙালী ৷ অসমীয়াৰ হেঁপাহৰ বহাগ বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী।এতিয়া সকলোতে শুনিবলৈ পোৱা গৈছে কেৱল ঢোল, পেঁপা, গগনাৰ মাতৰ লগতে ঢেঁকী আৰু তাঁতশালৰ শব্দ ৷ চাৰিওফালে কেৱল ৰঙালীক আদৰাৰ প্ৰস্তুতি। গাঁৱে-ভূঞে, নগৰ-চহেৰ বাঢ়িছে ব্যস্ততা৷
সমান্তৰালভাৱে তাঁতশালত সপোন ৰচাত ব্যস্ত হৈ পৰিছে অসমৰ শিপিনীয়ে। বিহু অহাৰ এমাহমান পূৰ্বৰে পৰা সাতখন-আঠখন হয় শিপিনীৰ মন। তাঁতশালৰ খট্খট্ শব্দ, যঁতৰৰ হোঁহোঁৱনি ধ্বনিত ছন্দময় হৈ পৰিছে শিপিনীৰ ঘৰ৷ কিয়নো বহাগৰ বিহুত জ্যেষ্ঠজনৰ ডিঙিত পুৱাই ন বিহুৱানখন দিয়াৰ আমেজেই সুকীয়া ৷
অৱশ্যে সময়ৰ তাগিদা আৰু আধুনিকতাৰ ধামখুমীয়াত যেন ক’ৰবাত হেৰাই যাব ধৰিছে পুৰণি সেই পৰম্পৰা ৷ কিন্তু কিছু কিছু গাঁৱত সেই পৰম্পৰা আজিও অক্ষুণ্ণ ৰখা পৰিলক্ষিত হয়। হেঁপাহৰ বিহুটি অহাৰ লগে লগে তাঁতশালৰ গামোচাত ফুল তোলাৰ এক অঘোষিত প্ৰতিযোগিতা আৰম্ভ হয় প্ৰতিৱেশী শিপিনীৰ মাজত৷ আৰু এই তাঁতশালতেই প্ৰকাশ পায় অসমীয়া শিপিনীৰ সৃষ্টিশীলতাৰ অপূৰ্ব নিদৰ্শন৷ তাঁতশালখনক মহিলাৰ স্বাভিমানৰ প্ৰতীক হিচাপে গণ্য কৰা হয়৷ আনহাতে গাঁৱৰ নিম্ন মধ্যবিত্ত পৰিয়ালৰ বহু মহিলাই তাঁতশালখনকে সাৰথি কৰি হ’বলৈ ধৰিছে স্বনিৰ্ভৰশীল৷