ডিজিটেল ডেস্কঃ বহাগ বিহু বা ৰঙালী বিহুৰ এক সুকীয়া বৈশিষ্ট্য হৈছে বিহুগীত বা হুঁচৰি। বিহুৰ সময়ত বিহুগীতত বজোৱা বাদ্যযন্ত্ৰসমূহেও বিশেষ গুৰুত্ব লাভ কৰে। সেয়েহে এতিয়া বিহুগীতত বজোৱা বাদ্যযন্ত্রসমূহ নিৰ্মাণ কৰা শিল্পীসকলৰ ব্যস্ততা বাঢ়িছে।
ঢোল নিৰ্মাণৰ কামত ব্যস্ত হৈ আছে শিল্পীসকল। বিহু কৰ্মশালাৰ সমান্তৰালকৈ এতিয়া ব্যস্ততা বাঢ়িছে ঢোল বনোৱা শিল্পীৰ দোকানত। গ্ৰাহকৰ চাহিদা অনুযায়ী এইসকল শিল্পী ঢোল প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। বিহুৰ বতৰত ধুবুৰী, বৰপেটা, নলবাৰী, শিৱসাগৰ, যোৰহাট আদিৰ পৰা একাংশ ব্যৱসায়ীয়ে বিভিন্ন আকৃতিৰ ঢোল নিৰ্মাণ কৰি আনি মহানগৰৰ বিভিন্ন ঠাইত বিক্ৰী কৰা পৰিলক্ষিত হৈছে।
বিশেষকৈ আম আৰু কঁঠালৰ কাঠৰ ঢোলৰ চাহিদা অধিক বুলি ব্যৱসায়ীসকলে জনাইছে। বাদ্যযন্ত্ৰৰ দোকানত ভাল আমৰ কাঠৰ ঢোল আকৃতি অনুসৰি ৫,০০০-১০,০০০ টকা পর্যন্ত বিক্ৰী হোৱাৰ লগতে কঁঠাল কাঠৰ ঢোল ৭,০০০-১২,০০০ টকালৈকে বিক্ৰী কৰিছে। মহানগৰৰ বিভিন্ন ঠাইত শিশুৰ বাবে সৰু ঢোল ১০০০-২,০০০ টকাতো উপলব্ধ হৈছে।
তেনেদৰে বাদ্যযন্ত্ৰৰ বিপণীত পেঁপাৰ দাম ২,৫০০-৫,০০০ টকা, বাঁহী ১০০-১০০০ টকা, গগনা ১৫০-৫০০ টকা, সুতুলি ১০০-২৫০ টকাত ব্যৱসায়ীয়ে গ্ৰাহকক বিক্ৰী কৰিছে। অধিকাংশ বাদ্যযন্ত্ৰৰ ব্যৱসায়ীয়ে সদৰী কৰা অনুসৰি বিহুৰ বতৰত বাঁহী, গগনা, সুতুলি, পেঁপা আদি সামগ্রী বিক্রী হৈছে যদিও ঢোলৰ চাহিদা প্রতিবছৰে কমি আহিছে। ফলত ঢোলৰ নিৰ্মাতাসকলৰ লগতে ব্যৱসায়ীসকল নিজৰ ব্যৱসায়ক লৈ চিন্তিত হৈ পৰিছে। তথাপি বিহুৰ প্রাকৃক্ষণত মনত কিছু আশাৰ ৰেঙণি লৈ দিন-ৰাতি একাকাৰ কৰি বিহুগীতত বজোৱা বাদ্যযন্ত্ৰসমূহ নিৰ্মাণৰ লগত জড়িত প্ৰতিগৰাকী শিল্পী তেওঁলোকৰ অনবদ্য সৃষ্টি কৰ্মত ব্যস্ত হৈ পৰিছে।