বাজপেয়ী ভৱনৰ ৫০১ নম্বৰ কোঠা 'ছীল' কৰাৰ দাবী

dainik janambhumi March 25, 2026

ডিজিটেল ডেস্ক: গুৱাহাটীৰ একাউণ্টেৰে বিজেপিয়ে বাজপেয়ী ভৱনৰ ৫০১ নম্বৰ কোঠাৰ পৰা ভুৱা একাউণ্টেৰে বিজেপিয়ে অপপ্রচাৰ চলাই অহাৰ অভিযোগ উত্থাপন কৰি কালি অসম জাতীয় পৰিষদে সেই কোঠাটো অসামাজিক আৰু বে- আইনী কার্যকলাপৰ বাবে ছীল কৰি দিয়াৰ দাবী কৰিছে। দলটোৱে কালি তথ্যসহ এই গুৰুতৰ অভিযোগেৰে ৰাজ্যৰ মুখ্য নির্বাচন বিষয়ালৈ  অভিযোগ-পত্ৰ প্ৰেৰণ কৰে। 

উল্লেখযোগ্য যে বিজেপিৰ পুৰণি কর্মী তথা জ্যেষ্ঠ নেতা জয়ন্ত দাসে দলীয় টিকট নাপাই ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ৰ - (বাজপেয়ী ভৱন) ৫০১নং কোঠাৰ সন্দৰ্ভত বিস্ফোৰণ ঘটাইছিল। এই বিষয়ত অসম জাতীয় পৰিষদে কালি এক সংবাদমেলৰ আয়োজন কৰি কোঠাটো ছীল কৰি দিয়াৰ দাবী কৰে। 

সংবাদমেল সম্বোধন কৰি দলটোৰ সাধাৰণ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে কয়, 'বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনৰ ৫০১ নম্বৰ কোঠাটোৰ কাৰ্যকলাপৰ সন্দৰ্ভত আৰু কোঠাটো ছীল কৰিবলৈ নির্বাচন আয়োগ আৰু আৰক্ষীলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। কাৰণ এই কোঠাত বহি প্রায় ১০ হাজাৰ যুৱক-যুৱতীৰ নামত ভুৱা ফে'চবুক একাউন্ট খুলি অপপ্ৰচাৰ চলোৱাৰ অভিযোগ আছে। ২০২৫ চনৰ ১ নৱেম্বৰৰ পৰা এই একাউন্টবোৰ সক্ৰিয় হৈ আছে।' তেওঁ বাজপেয়ী ভৱনৰ ৫০১ নম্বৰ কোঠাটোত চলি থকা অসামাজিক, বে-আইনী কাৰ্যকলাপৰ বাবে সেই কোঠাটো সম্পূর্ণৰূপে ছীল কৰি দিবলৈ আৰু কোঠাটোত থকা সামগ্ৰীখিনি জব্দ কৰাৰ দাবী কৰে। তেওঁ অভিযোগ কৰে, 'এই কোঠাৰ কাম-কাজৰ সৈতে কেন্দ্রীয় মন্ত্রী পবিত্র মাৰ্ঘেৰিটা আৰু অসম প্ৰকাশন পৰিষদৰ মুখ্য সচিব প্রমোদ কলিতা জড়িত হৈ আছে।' 

পবিত্ৰ মাৰ্ঘেৰিটা আৰু প্রমোদ কলিতাই অসমলৈ কি অৱদান আগবঢ়ালে বুলিও প্রশ্ন কৰি বসুমতাৰীয়ে কয়, 'এই ভুৱা একাউণ্টবোৰত জনপ্রিয় শিল্পী জুবিন গাৰ্গৰ ফটো ব্যৱহাৰ কৰি তেওঁৰ চৰিত্ৰহনন কৰা হৈছে। টকাৰ বিনিময়ত ফে'চবুক একাউন্ট খুলি জনতাক বিভ্রান্ত কৰা হৈছে আৰু বিৰোধী দলৰ নামত মিছা তথ্যৰে অপপ্ৰচাৰ কৰা হৈছে।' তেওঁ অসম আৰক্ষীৰ সঞ্চালকপ্রধানলৈও এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰি সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত শীঘ্ৰে তদন্তৰ দাবী জনোৱাৰ লগতে নির্বাচন আয়োগকো বিষয়টোত তৎক্ষণাৎ হস্তক্ষেপ কৰিবলৈ আহ্বান জনায়। জাতীয় পৰিষদৰ নেতাজনে বিজেপিৰ মুখ্য কাৰ্যালয়ৰ ৫০১নং কোঠাৰ পৰা অপপ্ৰচাৰত লিপ্ত হৈ থকা কেইবাটাও ভুৱা প'ৰ্টেল, ফে'চবুক আৰু টুইটাৰ একাউণ্টৰ তথ্যও ৰাজহুৱা কৰে। তেওঁ নির্বাচন আয়োগ আৰু আৰক্ষীক অভিযোগৰ সৈতে প্ৰদান কৰা তালিকা অনুসৰি বাজপেয়ী ভৱনৰ পৰা অপপ্ৰচাৰত লিপ্ত হৈ থকা প'র্টেলকেইটা হ'ল 'দিছপুৰ বাৰ্তা', 'নতুন সংবাদ' আৰু 'কাৰেণ্ট ট্রেন্ড আছাম'। 

আনহাতে, ভুৱা ফে'চবুক একাউন্টসমূহ লখেশ্বৰ ফুকন, পৱন বৰা, হৰি কলিতা, প্রাঞ্জল ডেকা, এল দাস, গণেশ শর্মা, দীপ পাটগিৰী, ভূমি পুত্ৰ, কৰণ দাস আৰু শংকৰ কুন্দুৰ নামত আছে। ইয়াৰ উপৰি অভিযোগ উত্থাপন কৰা টুইটাৰ একাউণ্টকেইটা হ'ল নেৱাৰ @এদিননেৱাৰবিজেপি, জীৎ দত্ত/@দত্ত জীৎ৯৯, বিক্রম আদিত্য/@বিক্রমআদিত্য ৯৭০, হিমাংশু কাকতি/@কাকতিহিমা৯৩১১৭, বৰুৱা/@বৰুৱা ১২৩, শান্তনু/@বাইল্ডপ্লেন্ট ১১। এই একাউণ্টসমূহৰ - অধিকাংশই অত্যন্ত আক্রমণাত্মক বুলিও জাতীয় পৰিষদে অভিযোগ কৰে।

Share This