ডিজিটেল ডেস্ক: বি ছাই সুদৰ্শনৰ (১০০) শতৰান সত্ত্বেও আই পি এলৰ কালিৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হাতত ৫ উইকেটত পৰাজিত হয় গুজৰাট টাইটানছ। সুদৰ্শনৰ ৫৮টা বলৰ ইনিংছটোৰ সহায়ত গুজৰাটে প্রথমে বেট ধৰি ৩টা উইকেট হেৰুৱাই ২০৫ ৰান কৰিছিল। প্ৰত্যুত্তৰত বিৰাট কোহলী আৰু দেৱদত্ত পাড়িকালৰ ক্ৰমে ৮১ আৰু ৫৫ ৰানৰ জৰিয়তে ৭টা বল বাকী থকা অৱস্থাত ৫টা উইকেট হেৰুৱাই ২০৬ ৰান কৰি জয়ৰ ধাৰালৈ উভতি আহে বেংগালুৰু।
শূন্য ৰানত এক জীৱনদান পোৱা কোহলীয়ে পাড়িকালৰে মিলি দ্বিতীয় উইকেটত ৫৯টা বলত ১১৫ ৰানৰ যুটি বান্ধি দলৰ সহজ জয়ৰ ভেটি গড়ে। কোহলীয়ে ৪৪ বলত ৮টা চাৰি আৰু ৪টা ছয়েৰে নিজৰ ৮১ ৰানৰ ইনিংছটো সজায়। আনহাতে, পাড়িকালৰ ২৭টা বলৰ ৫৫ ৰানৰ ইনিংছটোত সমাহাৰ ঘটে ২টা চাৰি আৰু ৬টা ছয়ৰ। ইয়াৰ আগেয়ে বি ছাই সুদৰ্শনৰ আকর্ষণীয় ১০০ ৰানৰ জৰিয়তে গুজৰাট টাইটানছে তিনি উইকেটত ২০৫ ৰানৰ শক্তিশালী স্ক'ৰ থিয় কৰিছিল।
ফৰ্মলৈ উভতি অহাৰ ইংগিত দিয়া সুদর্শনে অপেনিঙৰ যুটিত অধিনায়ক শুভমন গীলৰে (৩২) মিলি ১২৮ ৰানৰ সংযোজন ঘটাই দলৰ বৃহৎ স্ক'ৰৰ ভেটি গড়ে। আই পি এলত তৃতীয়টো শতৰান পূৰ কৰা সুদর্শনে নিজৰ ৫৮ বলৰ ইনিংছটো সজায় ১১টা চাৰি আৰু ৫টা ছয়েৰে। গীলে ২৪টা বলত ৩২ ৰানৰ বৰঙনি যোগায়। গুজৰাটৰ হৈ অভিষেক ঘটোৱা জেছন হ'ল্ডাৰে ১০টা বলত অবিজিত ২৩ ৰানৰ অৰিহণা আগবঢ়ায়। জ'ছ বাটলাৰেও ২৫ ৰান কৰে।