শংকামুক্ত নহয় ৰুক্মিণীগাঁৱৰ বাসিন্দা 

dainik janambhumi June 02, 2025

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত আজি বতৰ কিছু ফৰকাল হোৱাত বহু অঞ্চলত কৃত্রিম বান নিয়ন্ত্রণলৈ অহা দেখা গৈছে। অৱশ্যে মহানগৰীৰ ৰুক্মিণীগাঁৱত আজিও পৰিস্থিতি শংকামুক্ত হোৱা নাই। জিলা প্ৰশাসনৰ তৰফৰ পৰা আজিও অঞ্চলটোত সাহায্য বিতৰণ কৰি থকা হৈছে। একেদৰে মহানগৰীৰ বিভিন্ন ঠাইৰ কৃত্রিম বানত প্লাবিত ৰাইজে চৰকাৰ, প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰিবলৈ ধৰিছে। 

উল্লেখযোগ্য যে কৃত্রিম বানে প্ৰতিবছৰৰ দৰে এইবেলিও গুৱাহাটী মহানগৰৰ সমগ্ৰ নাগৰিকৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে। এই ভয়ানক কৃত্রিম বানৰ মাজতে সাতগাঁও অঞ্চলৰ পুবেৰুণ পথত বনাঞ্চলৰ পৰা ওলাই অহা এটা প্রকাণ্ড আঘাতপ্রাপ্ত হাতীয়ে পানীৰ মাজত আবদ্ধ হৈ ভোকৰ তাৰণাত স্থানীয় বাসিন্দাসকলৰ ঘৰ-বাৰী ভাঙি অন্য এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হয়। এনে অৱৰ্ণনীয় পৰিৱেশ উদ্ভৱ হোৱাত 'ছেভগুৱাহাটী বিল্ড গুৱাহাটী'ৰ সাধাৰণ সম্পাদক কৈলাশ শৰ্মাই আজি ক্ষোভ প্রকাশ কৰি কয় যে এই ক্ষেত্ৰত স্থানীয় বিধায়ক, পৌৰ নিগমৰ পাৰিষদ, জিলা প্রশাসনে এই বিষয়ে কোনো ধৰণৰ উপযুক্ত ব্যৱস্থা গ্রহণ নকৰি এক গর্হিত কাম কৰিছে। সেয়েহে এই বিষয়টোৰ ওপৰত এক দীর্ঘম্যাদী স্থায়ী সমাধানৰ ব্যৱস্থা কৰি স্থানীয় ৰাইজক সকাহ দিবলৈ ছেভ গুৱাহাটী বিল্ড গুৱাহাটীৰ হৈ সাধাৰণ সম্পাদক কৈলাশ শর্মাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক আহ্বান জনাইছে।

Share This