ৰেল যাত্ৰীৰ বাবে ডাঙৰ খবৰ ; ১ মাৰ্চৰ পৰা সলনি হ’ব ৰে'লৱেৰ এই গুৰুত্বপূৰ্ণ নিয়ম

Nikimoni Kachari February 16, 2026

ডিজিটেল ডেস্ক :ভাৰতীয় ৰে'লৱেই যাত্ৰীসকলৰ সুৰক্ষা আৰু যাত্ৰা অধিক আৰামদায়ক কৰি তোলাৰ লক্ষ্যৰে সময়ে সময়ে নিয়মৰ সালসলনি কৰি আহিছে। এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ৰে'লৱে ব’ৰ্ডে শেহতীয়াকৈ এক বিশেষ ঘোষণা কৰিছে। 

অহা ১ মাৰ্চৰ পৰা সমগ্ৰ দেশতে ৰেলৱেৰ এটা নতুন নিয়ম কাৰ্যকৰী হ’বলৈ গৈ আছে, যাৰ ফলত যাত্ৰীসকলে ৰে'লৰ ভিতৰত এটা বিশেষ সুবিধা বা সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰিব।

কি এই নতুন বাধা-নিষেধ?

প্ৰতিবেদন অনুসৰি, ৰে'লৱেই বিশেষকৈ নিশাৰ ভাগত যাত্ৰীৰ নিৰাপত্তা আৰু শান্তিপূৰ্ণ পৰিৱেশ বৰ্তাই ৰাখিবলৈ এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ১ মাৰ্চৰ পৰা কাৰ্যকৰী হ’বলগীয়া নিয়মসমূহৰ মূল দিশসমূহ হ’ল:

ইলেক্ট্ৰনিক চাৰ্জিং পইণ্টৰ ব্যৱহাৰ: নিশা ১০ বজাৰ পৰা ৰাতিপুৱা ৬ বজালৈ ৰেলৰ ভিতৰত থকা মোবাইল আৰু লেপটপ চাৰ্জিং পইণ্টসমূহৰ সংযোগ বিচ্ছিন্ন কৰি দিয়া হ’ব। যাত্ৰীসকলে এই নিৰ্দিষ্ট সময়ছোৱাত কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী চাৰ্জ কৰিব নোৱাৰিব।

অগ্নি নিৰাপত্তাৰ প্ৰতি লক্ষ্য: ৰেলৱেৰ মতে, নিশাৰ ভাগত চাৰ্জিং পইণ্টত মোবাইল বা পাৱাৰ বেংক লগাই থৈ যাত্ৰীসকল শুই পৰে, যাৰ ফলত 'অভাৰহিটিং' হৈ চৰ্ট চাৰ্কিট হোৱাৰ সম্ভাৱনা থাকে। অগ্নিকাণ্ডৰ দৰে ভয়াৱহ দুৰ্ঘটনা ৰোধ কৰিবলৈ এই সিদ্ধান্ত লোৱা হৈছে।

উচ্চ প্ৰাৱল্যৰ বৈদ্যুতিক সামগ্ৰী: যাত্ৰীসকলে এতিয়াৰে পৰা ৰে'লৰ ভিতৰত কোনো ধৰণৰ দাহ্য পদাৰ্থ বা উচ্চ ক্ষমতাৰ বৈদ্যুতিক হিটাৰ, কেটলি আদিৰ দৰে সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰিব।

যাত্ৰীৰ সুবিধাৰ বাবে নতুন নিৰ্দেশনা

অকল চাৰ্জিঙেই নহয়, আন যাত্ৰীৰ অসুবিধা নোহোৱাকৈ যাত্ৰা সম্পূৰ্ণ কৰিবলৈ ৰে'লৱেই আন কিছুমান নীতি-নিৰ্দেশনাও জাৰি কৰিছে:


১/ নিশা ১০ বজাৰ পাছত যাত্ৰীয়ে ডাঙৰকৈ কথা পতা বা মোবাইলত স্পীকাৰ দি গান শুনা নিষিদ্ধ হ’ব।
২/ নিশাৰ ভাগত কেৱল 'নাইট লাইট'হে জ্বলাই ৰাখিব পাৰিব, যাতে আন যাত্ৰীৰ টোপনিত ব্যাঘাত নজন্মে।

নিয়ম উলংঘা কৰিলে হ’ব জৰিমনা

ৰে'লৱে কৰ্তৃপক্ষই স্পষ্ট কৰি দিছে যে ১ মাৰ্চ ২০২৬-ৰ পৰা এই নিয়মসমূহ কঠোৰভাৱে পালন কৰা হ’ব। যদি কোনো যাত্ৰীয়ে এই নিৰ্দেশনা উলংঘা কৰি ধৰা পৰে, তেন্তে তেওঁৰ বিৰুদ্ধে ৰেলৱে আইনৰ ধাৰা অনুসৰি আৰ্থিক জৰিমনা বিহাৰ লগতে জেল পৰ্যন্ত হ’ব পাৰে।

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This