শাসক 'এল ডি এফ'ক ক্ষমতাচ্যুত কৰাৰ হুংকাৰ, কেৰালাত নিৰ্বাচনী ৰণডংকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

dainik janambhumi March 12, 2026

ডিজিটেল ডেস্ক :কেৰালাৰ সমাগত বিধানসভাৰ নিৰ্বাচনৰ বাবে বুধবাৰে নিৰ্বাচনী ৰণডংকা বজালে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। প্রধানমন্ত্রী মোদীয়ে কালি কোচিত আয়োজিত এখন জনসভাত অংশ লৈ কয় যে কেৰালাত লেফ্ট ডেম'ক্রেটিক ফ্ৰণ্টৰ (এল ডি এফ) ৰ আধিপত্য নাইকিয়া কৰিবলৈ ৰাজ্যখনৰ নাগৰিক এতিয়া সাজু হৈছে। 

ৰাজ্যখনত শেহতীয়াকৈ বিজেপিয়ে ৰাজনৈতিক স্থিতি মজবুত কৰিছে বুলি ভাষণত মোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাহুল গান্ধীক কটাক্ষ কৰি কয় যে কংগ্ৰেছৰ 'যুৱৰাজে' হয়তো নাজানে বহুতো যুৱক-যুৱতী আৰু ভাৰতৰ বহু কোম্পানীয়ে কেৰালাত এতিয়া ড্র'ন নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। 

কেৰালাৰ যুৱ-ষ্টাৰ্ট আপে ড্র'ন নির্মাণ কৰিবলৈ লোৱাটোৰ বিষয়ত ৰাহুল গান্ধী অৱগত নহয় বুলি মোদীয়ে কটাক্ষ কৰে। কোচিৰ আৰ্নাকুলামত মোদীয়ে কয় যে ভাল কামৰ বাবেই ত্ৰিছুৰৰ লোক সভাৰ আসনত আৰু তিৰুৱনন্তপুৰমৰ পৌৰ নিৰ্বাচনত বিজেপি জয়ী হৈছে। বৰ্তমানৰ শাসক এল ডি এফক বিধানসভাৰ নিৰ্বাচনত কেৰালাৰ ৰাইজে উৎখাত কৰিব বুলি প্রধানমন্ত্রী মোদীয়ে কয়।

Share This