অভিলেখ গঢ়ি ১২ বছৰৰ মূৰত টকাৰ মূল্য উত্থান

dainik janambhumi April 03, 2026

ডিজিটেল ডেস্ক: আমেৰিকান ডলাৰৰ তুলনাত টকাৰ মূল্যই কালি ১২ বছৰৰ ভিতৰত এক অভিলেখ সৃষ্টি কৰে। কালি আমেৰিকাৰ মুদ্রাতকৈ ১৫৬ পইচা শক্তিশালী হৈ টকাৰ মূল্য প্রতি ডলাৰত ৯৩.১৪ হয়গৈ। ইয়াৰ আগতে ২০১৩ চনৰ ছেপ্টেম্বৰত ডলাৰৰ তুলনাত টকাৰ মূল্য ইমান পৰিমাণে বৃদ্ধি পাইছিল। ইমান বেছি ইয়াৰ আগতে সোমবাৰে ডলাৰৰ তুলনাত টকাৰ মূল্য ৯৫ হৈছিলগৈ। 

শুকুৰবাৰে সর্বকালৰ সর্বনিম্ন ৯৪.৪৮ প্রতি ডলাৰত আছিল। কিন্তু তাৰ পাছত ভাৰতীয় ৰিজার্ভ বেংকে (আৰ বি আই) গ্রহণ কৰা কেইবাটাও পদক্ষেপে টকাক সহায় কৰে। ইফালে দেশৰ শ্বেয়াৰ বজাৰতো কালি উত্থান ঘটে। কালি পুৱা ছেনছেক্সৰ পতন ঘাট ৭১,৫৪৫ পইন্ট পাইছিলগৈ যদিও পাছত ১৮৫ পইল্টৰ উত্থান ঘটি (০.২৫ শতাংশ) ৭৩,৩২০ত বন্ধ হয়। নিফটিতো ২২.১৮২লৈ পতন ঘটাৰ পাছত ৩৪ পইন্টৰ উত্থান ঘটি ২২.৭১৩ত বন্ধ হয়। 

আনহাতে বৃহস্পতিবাৰে ১০ গ্রাম ২৪ কেৰেট সোগৰ দাম ৪.২৪৫ টকা হ্রাস পাই ১.৪৭ লাখ হয়। বুধবাৰে এই দাম আছিল ১.৫১ লাখ টকা। ইফালে ৰূপৰ দামো কিল'ত ১২,০২৩ টকা হ্রাস পাই ২.২৮ লাখ টকা হয়। যোৱা ২৫ মাৰ্চত ১ কিল'ৰূপৰ দাম আছিল ২.৪০ লাখ টকা। অর্থাৎ যোৱা ৩৪ দিনত সোণৰ দাম ১২,৪৮৯ টকা আৰু ৰূপৰ দাম ৩৮,৮৮৭টকা হ্রাস পায়।

Share This