ডিজিটেল ডেস্কঃ ভাৰতীয় সামগ্ৰীৰ ঘৰুৱা চাহিদা আৰু গ্রামাঞ্চলত ব্যৱহাৰ বৃদ্ধিৰ জৰিয়তে আমেৰিকাৰ ৫০% শুল্কৰ সমস্যাক প্রতিহত কৰিব পৰা যাব। এই মন্তব্য কৰিছে প্রাধনমন্ত্রী নৰেন্দ্ৰ মোদীৰ মুখ্য অর্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰণে। নাগেশ্বৰণে কয় যে আমেৰিকান বজাৰৰ ওপৰত ঘাইকৈ নিৰ্ভৰশীল হৈ থকা ৰপ্তানি কোম্পানীবোৰহে এই মার্কিন শুল্কৰ পৰা প্ৰভাৱিত হ'ব আৰু ইয়াৰ বাবেই বহুতে চাকৰি হেৰুৱাব।
তেওঁ কয় যে কিছুমান বিপৰীত প্ৰভাৱ পৰিব ঠিকেই, আমেৰিকাৰ বজাৰৰ ওপৰত নিৰ্ভৰশীল ৰপ্তানি গোটবোৰৰ কৰ্মচাৰীয়ে চাকৰি হেৰুৱাব। দ্বিতীয়তে তেওঁলোকে এখন বিকল্প বজাৰৰ সন্ধান কৰিব আৰু কিছুমানে এইটোও সিদ্ধান্ত ল'ব পাৰে যে যদি এই শুল্ক যুদ্ধ শাম কাটে আৰু অস্থায়ী হয়, তেনেহ'লে তেওঁলোকৰ
কৰ্মচাৰীসকলক চাটাই নকৰিবও পাৰে। নিউজ এ এন আইৰ সৈতে হোৱা বাৰ্তালাপত মুখ্য অর্থনৈতিক উপদেষ্টাজনে এইদৰে মন্তব্য কৰে। উপদেষ্টাজনে এইটোও উল্লেখ কৰে যে ট্রাম্পৰ শুল্কৰ পৰা হ'ব পৰা ক্ষতি এটা উচ্চ ঘৰুৱা চাহিদাৰ জৰিয়তে ক্ষতিপূৰণ কৰিব পৰা যাব। তদুপৰি এই ক্ষেত্রত গ্রামীণ চাহিদা বৃদ্ধি হ'ব লাগিব। তেওঁ কয় যে ট্রাম্পৰ এই শুল্ক নীতিৰ বাবে যদি কোনো লোকে চাকৰি হেৰুৱাব লগাত পৰে, সেইটো ইমান গুৰুত্বপূৰ্ণ আৱশ্যকীয় বিষয় নহয়।