ডিজিটেল ডেস্ক : ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্রয় কৰাৰ বাবে ভাৰতৰ বিৰুদ্ধে আমেৰিকাই বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰি আহিছিল। আনহাতে, ভাৰতৰ অধিকাংশ তেলৰ চাহিদা পূৰণ কৰে ৰাছিয়াৰ পৰা অহা খাৰুৱা তেলৰ যোগানে। কিন্তু বিশ্বজনীন ইন্ধন যোগান শৃংখলত বর্তমান পৰিস্থিতিত নাটকীয় পৰিৱৰ্তন হৈছে। ইউক্রেইনৰ ভয়াৱহ আক্রমণত ৰাছিয়াৰ তেল শোধনাগাৰবোৰ বিধ্বস্ত হোৱাত দেশখনত পেট্রল-ডিজেলৰ ব্যাপক নাটনি হৈছে। ইউক্রেইনৰ অবিৰত ড্ৰ'ন আক্ৰমণত ৰুছ শক্তি আন্তঃগাঁথনিবোৰ ধ্বংস হ'বলৈ ধৰিছে আৰু ইয়াৰ বাবে ৰাছিয়াই ইন্ধনৰ নাটনি দূৰ কৰিবলৈ ভাৰতৰ পৰা পেট্রল আমদানি কৰিব বাধ্য হৈছে। এই পৰিৱৰ্তিত পদক্ষেপে ৰাছিয়াৰ ঘৰুৱা শক্তি যোগান শৃংখলত ইউক্রেইনৰে যুদ্ধৰ বৰ্ধিত প্ৰভাৱক প্রতিফলিত কৰিছে।
আন্তঃৰাষ্ট্ৰীয় সংবাদ প্রতিষ্ঠান, ৰয়টাৰ্ছ-এ প্রকাশ কৰা বাতৰি মতে, ৰুছ শক্তি আন্তঃগাঁথনিবোৰত বাৰে বাৰে ইউক্রেইনী সেনাই আক্রমণ চলোৱাৰ ফলত ৰাছিয়াত ইন্ধনৰ ব্যাপক নাটনি হৈছে আৰু ইন্ধনৰ নাটনি হ্রাস কৰিবলৈ ৰাছিয়াই সাগৰীয় পথেৰে ভাৰতৰ পৰা পেট্রল আমদানি আৰম্ভ কৰিছে। উল্লেখযোগ্য যে ইন্ধনৰ নাটনিৰ বাবে ৰাছিয়াৰ পেট্রল ষ্টেছনসমূহত গ্ৰাহকৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে আৰু অভাৱনীয় হাৰত দেশখনত পেট্রলৰ দাম বৃদ্ধি হৈছে। গ্রীষ্ম কালত ইন্ধনৰ বিপুল চাহিদাৰ সময়ত দেশখনত বিভিন্ন অঞ্চলত পেট্রলৰ ব্যাপক নাটনিৰ সৃষ্টি হৈছে।
সূত্রসমূহে প্রকাশ কৰা মতে, ভাৰতে ইতিমধ্যে ৰাছিয়ালৈ ৬০ হাজাৰ মেট্রিক টন পেট্রল জাহাজেৰে প্ৰেৰণ কৰিছে। আনহাতে, ৩০-৪০ হাজাৰ মেট্রিক টন পেট্রল লৈ দুখন মালবাহী জাহাজ ভাৰতৰ পৰা ৰাছিয়া অভিমুখে ৰাওনা হৈছে। আনহাতে, ৰাছিয়াই বিভিন্ন দেশৰ পৰা প্ৰতি মাহে ৪ লাখ মেট্রিক টন পেট্রল ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে। বিশেষকৈ চুবুৰীয়া বেলাৰুছৰ পৰা ৰাছিয়াই পেট্রল ক্রয় বৃদ্ধি কৰিছে। ক্রেমলিনৰ সূত্ৰই প্ৰকাশ কৰা মতে, বহনক্ষম দামত পেট্রল ক্রয় কৰাৰ বাবে বিভিন্ন দেশৰ সৈতে বাছিয়াই কথা পাতিছে। ৰাষ্ট্ৰপতি পুটিনেও ইতিমধ্যে স্বীকাৰ কৰিছে যে ইউক্রেইনৰ আক্ৰমণৰ ফলত ৰুছ শক্তি আন্তঃগাঁথনিবোৰ বিধ্বস্ত হৈছে আৰু ইয়াৰ বাবে দেশখনত ইন্ধনৰ নাটনি হৈছে। আনহাতে, এই সংকট নাইকিয়া কৰাৰ বাবে ৰুছ সংসদে ভাৰতৰ পৰা পেট্রল আমদানিৰ ক্ষেত্ৰত অনুমোদন জনাইছে।