ডিজিটেল ডেস্ক : আমেৰিকা-ইজৰাইল মিত্ৰজোঁটৰ বিৰুদ্ধে ইৰানৰ যুদ্ধত পৰোক্ষভাৱে অংশ লৈছে বিশ্বৰ অন্যতম ছুপাৰ পাৱাৰ ৰাষ্ট্ৰ ৰাছিয়া আৰু চীনে। সামৰিক চোৰাংচোৱাৰ ৰাছিয়াই জৰিয়তে আওপকীয়াকৈ সহায় কৰি গৈছে ইৰানক। আনহাতে, উন্নত অস্ত্ৰৰে সহায় কৰিছে চীনে। ৱাশ্বিংটন প'ষ্টৰ এক প্রতিবেদনত এই তথ্য প্রকাশ পাইছে।
তথ্য অনুসৰি, মধ্য প্রাচ্যত আমেৰিকাৰ যুঁজাৰু জাহাজ আৰু যুঁজাৰু বিমানত আক্ৰমণৰ ক্ষেত্ৰত ৰাছিয়াই দেশখনৰ কৌশলগত বন্ধু ৰাষ্ট্ৰ ইৰানক সহায় কৰিছে। অৱশ্যে ৰাছিয়াই ইৰানক সমর্থন কৰা কাৰ্য এতিয়াও সম্পূৰ্ণ পৰিষ্কাৰ হোৱা নাই। কিন্তু আমেৰিকা আৰু ইজৰাইলে ইৰানত আক্ৰমণ আৰম্ভ কৰাৰ পাছত মার্কিন সেনাৰ অৱস্থান নির্ণয় কৰিব পৰা ক্ষমতা ইৰানৰ ক্ৰমে কমি আহিছিল। কিন্তু শেহতীয়াভাৱে ইৰানৰ ড্ৰ'নে কুৱেইটত মার্কিন বাহিনীৰ ওপৰত কৰা সঠিক আৰু নিখুঁত আক্রমণে সকলো ওলট-পালট কৰি দিছে। ইৰানৰ এই আক্রমণত আমেৰিকাৰ ছজন সেনা জোৱান নিহত হোৱাৰ লগতে আন ১৮জন আহত হৈছিল। ইয়াৰ পাছতে ৰাছিয়াৰ সামৰিক বাহিনীৰ বিষয়ত বিশেষজ্ঞ দাৰা মাছিকটে উল্লেখ কৰিছে যে ইৰানৰ কেইটামানহে সামৰিক উপগ্রহ আছে, কিন্তু ৰাছিয়াৰ অত্যাধুনিক মহাকাশ প্রযুক্তিয়ে এই যুদ্ধত ইৰানক যথেষ্ট সহায় কৰিছে।
উল্লেখযোগ্য যে ৰাছিয়াৰ চোৰাংচোৱা ৰাডাৰে মার্কিন সেনাৰ ঘাটিৰ সঠিক তথ্য যোগান ধৰিছে ইৰানক। মস্কো আৰু তেহৰানৰ মাজত দীর্ঘদিনীয়া কূটনৈতিক বাণিজ্যিক আৰু সামৰিক বন্ধুত্বমূলক সম্পর্ক আছে। ইফালে, চীনেও আওপকীয়াকৈ ইৰানক সহায় কৰাৰ অভিযোগ কৰিছে মার্কিন চোৰাংচোৱা সংস্থাই। চীনে তেহৰানক জাহাজ ধ্বংসকাৰী ক্রুজ মিছাইলকে ধৰি বিভিন্ন অস্ত্র-শস্ত্ৰৰে সহায় কৰি অহা বুলি উঠা অভিযোগ অৱশ্যে চীনে অস্বীকাৰ কৰিছে।