ডিজিটেল ডেস্ক : ৩ বছৰীয়া যুদ্ধৰ আটাইতকৈ ভয়াৱহ ড্র'ন আক্ৰমণ কৰিবলৈ ৰাছিয়াই ইউক্রেইনৰ বিৰুদ্ধে ৪৭৯খন ড্র'ন নিক্ষেপ কৰিছে। ইউক্রেইনৰ বায়ু সেনাই এই কথা প্ৰকাশ কৰিছে। দেশখনৰ বায়ু সেনাই সোমবাৰে কয় যে নিশাৰ ভিতৰতে ইউক্রেইনলৈ নিক্ষেপিত ৪৬০খন ড্ৰ'নৰ লগতে ১৯টা ক্ষেপণাস্ত্র ইউক্রেইনে ভূপাতিত কৰে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ হেঁচাত ৰাছিয়াই শান্তি আলোচনাত ভাগ লোৱাৰ আগ্ৰহ প্ৰকাশ কৰিলেও ইউক্রেইনলৈ ড্র'ন আৰু ক্ষেপণাস্ত্র আক্রমণ অব্যাহত ৰখা ঘটনাই তাৎপর্য বহন কৰিছে।
দুয়ো পক্ষৰ মাজত শেহতীয়াকৈ হোৱা আলোচনাত কাৰাবন্দী বিনিময় কৰাৰ সিদ্ধান্ত ৰূপায়ণ কৰাৰ আগমুহূৰ্তত এই আক্রমণ সংঘটিত হয়। ইউক্রেইনে কয় যে ৰাছিয়াৰ এই বৃহৎ আক্ৰমণৰ মাত্ৰ ১০খনেহে মূল লক্ষ্যত উপনীত হয়। এজন লোক আহত হয় বুলি ইউক্রেইনৰ এজন বিষয়াই কয়।