ভাৰতে চলোৱা সন্ত্রাসবাদ-বিৰোধী যুঁজলৈ ৰাছিয়াৰ পুনৰ সমৰ্থন

dainik janambhumi August 22, 2025

ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰতি মার্কিন নিষেধাজ্ঞা আৰু ভাৰত-ৰাছিয়াৰ বৰ্ধিত বাণিজ্য গতি-বিধিৰ মাজতে বৃহস্পতিবাৰে মস্কোত দেশৰ বিদেশ মন্ত্রী এছ জয়শংকৰে ৰুছ বিদেশ মন্ত্রী ছার্গেই লাভৰভক সাক্ষাৎ কৰে। দুয়োখন দেশৰ বিদেশ মন্ত্ৰীদ্বয়ৰ বৈঠকত ৰুছ বিদেশ মন্ত্ৰীজনে নতুন দিল্লী আৰু মস্কোৰ মাজত থকা দ্বিপাক্ষিক সম্পর্কক আলোকপাত কৰে আৰু দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্বত গুৰুত্ব আৰোপ কৰে। 

দুয়োখন দেশৰ মাজত বাণিজ্য আৰু অর্থনৈতিক সম্পৰ্ক উন্নত কৰাৰ বাবে হ'বলগীয়া বৈঠকখনত জয়শংকৰে সহ-অধ্যক্ষতা কৰিব আৰু সেইবাবেই বিদেশ মন্ত্রীজন ৰাছিয়া ভ্ৰমণৰ বাবে গৈছে। ইফালে, আজিৰ এই সাক্ষাৎকালত ৰুছ বিদেশমন্ত্ৰীজনে ভাৰতে প্ৰদৰ্শন কৰা সন্ত্রাসবাদ-বিৰোধী নীতিক সমর্থন কৰে। 

ৰুছ বিদেশ মন্ত্রীজনে কয় যে সন্ত্রাসবাদৰ বিৰুদ্ধে ভাৰতে চলোৱা যুঁজখনৰ প্ৰতি ৰাছিয়াই সমর্থন আগবঢ়াই যাব।

Share This