ৰাছিয়াৰ লুনা-২৫ বিধ্বস্ত,ক্ষতি হ’ল সমগ্ৰ বিশ্বৰ ! ১৬৬৩ কোটি টকা লোকচান

Jyoti Borah August 22, 2023

ডিজিটেলঃ ৰাছিয়াই ৪৭ বছৰৰ পাছত চন্দ্ৰত চলোৱা অভিযান ব্যৰ্থ হয়৷ দেশখনে প্ৰেৰণ কৰা  লুনা-২৫ যানখন চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ সময়ত বিধবস্ত হৈ পৰে৷ ইয়াৰ ফলত জোনবাইৰ দক্ষিণ মেৰুত অভিযান চলোৱাৰ ৰাছিয়াৰ পৰিকল্পনাও বিধবস্ত হৈ পৰে৷ চন্দ্ৰৰ দক্ষিণ মেৰুত এবছৰ অভিযান চলোৱাৰ লক্ষ্যৰে ৰাছিয়াই যানখনৰ ডিজাইন কৰিছিল৷ কিন্তু অৱতৰণৰ আগৰ পৰ্যায়ৰ কক্ষপথলৈ যোৱাৰ সময়ত যানখনত বিজুতিয়ে দেখা দিয়ে আৰু চন্দ্ৰ পৃষ্ঠত খুন্দা মাৰি বিধবস্ত হৈ পৰে৷ ৰাছিয়াৰ এই অভিযান ব্যৰ্থ হোৱাৰ ফলত কেৱল দেশখনৰে নহয়, সমগ্ৰ বিশ্বৰে বৃহৎ লোকচান হৈছে৷ ৰাছিয়াৰ মহাকাশ গৱেষণা সংস্থাই প্ৰকাশ কৰা অনুসৰি লুনা-২৫ৰ সৈতে যোগাযোগ বিচ্চিন্ন হৈ পৰাৰ পাছত ১৯ আৰু ২০ আগষ্টত যানখনৰ সন্ধান উলিওৱাৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছিল যদিও সফল নহ’ল৷

গণনাৰ ভিত্তিত কোৱা হৈছে যে যানখন এক অবাঞ্ছিত কক্ষপথত উপনীত হয়৷  ইয়াৰ ফলত যানখনে চন্দ্ৰপৃষ্ঠত খুন্দা মাৰে আৰু এতিয়া ইয়াৰ অস্তিত্ব নোহোৱা হৈ পৰিল৷ লুনা-২৫ বিধবস্ত হোৱাটো কেৱল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ বাবেই ব্যক্তিগত লোকচান নহয়, বিজ্ঞানৰ দৃষ্টিৰ পৰা সমগ্ৰ বিশ্বৰে লোকচান হয়৷ মন কৰিবলগীয়া যে সমগ্ৰ বিশ্বৰে মহাকাশ গৱেষণা সংস্থাসমূহে চন্দ্ৰৰ সৈতে জড়িত অভিযান চলাই আছে৷ এই মহাকাশ গৱেষণা সংস্থাবোৰৰ লক্ষ্য হ’ল মানৱ অভিযান চলোৱাৰ আৰু তাত গৱেষণা কৰাৰ৷ ইয়াৰ উপৰি চন্দ্ৰত বসতিস্থল স্থাপন কৰি মঙল গ্ৰহত অভিযান চলোৱাৰ লক্ষ্যও আছে৷ চন্দ্ৰৰ দক্ষিণ মেৰু এই অভিযানবোৰৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ৷ লুনা-২৫ যানখনে এই দিশত কাম কৰিবলৈ গৈ আছিল৷ ৰাছিয়াই এই অভিযানটোৰ জৰিয়তে চন্দ্ৰৰ দক্ষিণ মেৰুৰ গৰ্তবোৰত পানীৰ অৱস্থিতিৰ বিষয়ে সঠিক তথ্য লাভৰ চেষ্টা কৰাৰ লক্ষ্য লৈছিল৷ ইয়াৰ লগতে পৃষ্ঠভাগৰ পৰা ১৫ ছেণ্টি মিটাৰ তলৰ ভূভাগৰ ৰাসায়নিক বিশ্লেষণৰ লক্ষ্য লৈছিল৷

ৰাছিয়াই এই অভিযানটোত পানীৰ দৰে ধন খৰচ কৰিছিল৷ চৰকাৰীভাৱে এই অভিযানৰ বাজেট প্ৰকাশ কৰা নাই, কিন্তু ৰাছিয়াৰ সংবাদ মাধ্যমৰ মতে লুন-২৫ অভিযানটোত প্ৰায় ১৬৬৩ কোটি টকা ব্যয় কৰিছিল৷ 
 

Share This