ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ৰাছিয়া-ইউক্রেইনৰ যুদ্ধৰ বিষয়ত এতিয়ালৈকে দিয়া সকীয় নিসমূহৰ ভিতৰত আটাইতকৈ কঠোৰ সকীয়নিটো দিছে। বিশ্ববাসীক তেওঁ বৃহস্পতিবাৰে সতৰ্ক কৰি দিয়ে যে যুদ্ধখন বৰ্তমানৰ যি বাটে গৈছে, সি বিশ্বক এক বিশ্ব যুদ্ধৰ ফালে ঠেলি দিব পাৰে। তেওঁ কয় যে কেৱল যোৱা মাহত ২৫,০০০ লোকৰ মৃত্যু হৈছে, ইয়াৰে বেছিভাগেই জোৱান। এই যুদ্ধ তৎকালীনভাৱে বন্ধ কৰিবলৈ তেওঁ আহ্বান জনায়।
তেওঁ কয়, 'সকলোৱে যেনেধৰণে খেল খেলি আছে, এনেধৰণৰ ঘটনা তৃতীয় বিশ্ব যুদ্ধতহে শেষ হ'ব আৰু আমি সেইটো নিবিচাৰোঁ।' কৃত্রিম বুদ্ধিমত্তা নিয়ন্ত্ৰণৰ এক কাৰ্যকৰী নিৰ্দেশত স্বাক্ষৰ কৰি হোৱাইট হাউছত ট্রাম্পে আৰু কয় যে উক্ত ৰক্তপাতৰ অন্ত পেলাবলৈ তেওঁ কঠোৰ পৰিশ্ৰম কৰিছে। এই ক্ষেত্ৰত আমেৰিকাৰ নেতৃত্বৰ আলোচনাই অগ্রগতি লাভ নকৰাত তেওঁ গভীৰ হতাশা প্রকাশ কৰে।
তেওঁ সাংবাদিকৰ আগত কয়, 'মই হত্যা বন্ধ হোৱাটো চাবলৈ ভাল পাম... মই যুদ্ধ বন্ধ হোৱা চাবলৈ ভাল পাম।' উল্লেখযোগ্য যে ইয়াৰ আগতে হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰ'লিন লীভিটে কৈছিল যে এখন চুক্তিৰ বাবে ৰাছিয়া আৰু ইউক্রেইন আগ নবঢ়াত ৰাষ্ট্ৰপতি ট্রাম্প অতি 'হতাশাগ্রস্ত।' লীভিটে কৈছিল, 'তেওঁ কৈ কৈ আমনি পাইছে। তেওঁ কাম বিচাৰে। তেওঁ এই যুদ্ধৰ অন্ত পৰাটো বিচাৰে।' লীভিটে আৰু কয় যে আমেৰিকাৰ বিশেষ প্রতিনিধি ষ্টিভ উইটকফ আৰু তেওঁৰ দল দুয়োখন দেশৰ সৈতে প্রত্যক্ষ যোগাযোগত আছে।