ডিজিটেল ডেস্ক: শান্তি আলোচনাৰ মাজতেই শনিবাৰে পুনৰ ইউক্রেইনত ভয়াৱহ আক্রমণ চলালে ৰাছিয়াই। ইউক্রেইনৰ বিজুলী উৎপাদন গোটসমূহক এই আক্রমণত লক্ষ্য কৰি লোৱা হয়। ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ'ল'ডিমিৰ জেলেনস্কীয়ে কয় যে ৰাছিয়াই ৪০০ ড্র'ন আৰু ৪০টা মিছাইলেৰে আক্ৰমণ চলায় আৰু এইটো হৈছে চলিত বৰ্ষত দেশখনৰ ওপৰত সৰ্ববৃহৎ আক্রমণ। ৰাছিয়াই বিজুলী উৎপাদন কেন্দ্রসমূহত আক্ৰমণ কৰাৰ ফলত দেশখনৰ বহু অঞ্চলত শনিবাৰে বিদ্যুৎ যোগান ব্যাহত হয়।
উল্লেখযোগ্য যে শনিবাৰে দেশ দুখনৰ মাজৰ যুদ্ধই ১,৪৪৫ দিনত ভৰি দিয়ে। ইফালে ৰাছিয়াৰ এই ভয়াৱহ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত পোলেণ্ডে ইউক্রেইনৰ সমীপৱৰ্তী দুটা বিমানবন্দৰ সাময়িকভাৱে বন্ধ ৰাখিছে।
উল্লেখযোগ্য যে আবুধাবিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্যস্থতাত যোৱা বৃহস্পতিবাৰে ৰাছিয়া আৰু ইউক্রেইনৰ মাজত দুদিনীয়া শান্তি আলোচনা হৈ যায়। এই আলোচনা প্রক্রিয়া ইতিবাচক বুলিয়ে ইউক্রেইনৰ কৰ্তৃপক্ষই প্রকাশ কৰিছিল। ইফালে, ভ'ল'ডিমিৰ জেলেনস্কীয়ে শনিবাৰে প্রকাশ কৰিছিল যে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে এই যুদ্ধখন জুনৰ ভিতৰত সমাপ্ত কৰাৰ বাবে চৰমসীমা বান্ধি দিছে। কিন্তু তাৰ মাজতে ৰাছিয়াই পুনৰ ইউক্রেইনত চলালে মিছাইল আক্রমণ।