১৪,০০০ কিঃমিঃ দূৰত্বত আঘাত হানিব ৰুছ ক্ষেপণাস্ত্রই

dainik janambhumi October 28, 2025

ডিজিটেল ডেস্কঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে দেওবাৰে কয় যে দেশখনে পাৰমাণৱিক শক্তিৰে শক্তিৱান আন্তঃমহাদেশীয় ক্রুজ মিছাইল (ক্ষেপণাস্ত্ৰ) বুৰেভেষ্টনিকৰ পৰীক্ষা সফলভাৱে সম্পন্ন কৰে। 

দেশখনৰ চীফ অব জেনেৰেল ষ্টাফ ভালেৰী গেৰাছিম'ভে পুটিনক জনায় যে মঙলবাৰে উক্ত পৰীক্ষা সম্পন্ন হয়। ২১ অক্টোবৰৰ পৰীক্ষাৰ সময়ত ক্ষেপণাস্ত্ৰটো ১৫ ঘণ্টা ধৰি আকাশত আছিল আৰু ১৪,০০০ কিল'মিটাৰ অতিক্ৰম কৰিছিল। পুটিনে ৰাছিয়াৰ সেনাবাহিনীৰ আগত কয়, 'এইটো প্ৰকৃততে একক, আন কোনো দেশৰ এনে ক্ষেপণাস্ত্র নাই।' পুটিনে আৰু কয় যে 'দুৰ্জেয়' বুৰেভেষ্টনিকৰ সীমা হৈছে প্রায় অসীম আৰু যেতিয়া তেওঁ ২০১৮ চনত ইয়াৰ উন্মোচন কৰিছিল তেতিয়া ইয়াৰ আমেৰিকাৰ মিছাইল ডিফেন্স ব্যৱস্থাকো ফাঁকি দিব পৰা শক্তি আছিল।

Share This