ডিজিটেল ডেস্ক : ইজৰাইল-ইৰানৰ সংঘৰ্ষ আৰু পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ সময়তেই তৃতীয় বিশ্ব যুদ্ধ হোৱাৰ আশংকাক লৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে উদ্বিগ্নতা প্রকাশ কৰিছে। পুটিনে কয় যে যুদ্ধৰ খবৰবোৰে মনোকষ্ট দিছে। ৰাষ্ট্ৰপতি পুটিনে বিশেষকৈ ইৰান আৰু ইজৰাইলৰ মাজত চলি থকা ভয়াৱহ যুদ্ধৰ মাজতে মধ্যপ্রাচ্যত পাৰমাণৱিক যুদ্ধৰ আশংকা ব্যক্ত কৰি তৃতীয় বিশ্বযুদ্ধৰ সম্ভাৱনা দৃঢ়তাৰে কয়।
শুকুৰবাৰে ছেইণ্ট পিটাবাৰ্গৰ এখন ৰাজহুৱা সভা সম্বোধন কৰি পুটিনে কয় যে বিশ্বজনীন সংঘৰ্ষৰ সম্ভাৱনাই সমগ্র বিশ্বক প্রত্যক্ষভাৱে ক্ষতি কৰিছে। তেওঁ কয় যে চলিত ঘটনা-প্ৰৱাহৰ প্ৰতি কেৱল সূক্ষ্ম দৃষ্টি ৰখাই নহয় ৰাছিয়াই সমস্যাৰ সমাধান বিচৰা, আৰু সকলো দিশত শান্তিপূর্ণভাৱে শান্তিৰ সৃষ্টি হোৱাটো কামনা কৰে।
ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেটান্যাহুৱে ইৰানৰ পাৰমাণৱিক কাৰ্যসূচী ধ্বংস কৰাৰ লক্ষ্যৰে যুদ্ধত অৱতীর্ন হোৱা কাৰ্যটোক অতি ভয়ংকৰ আখ্যা দিছে ৰুছ ৰাষ্ট্ৰপতিজনে। ইফালে ইৰাণৰ সৈতে বহু অভিলাষী চুক্তিত অৱতীৰ্ণ হোৱা ৰাছিয়াই ইৰানৰ প্ৰতিৰক্ষাক সুৰক্ষা দিবলৈ বদ্ধপৰিকৰ হৈছে। আমেৰিকাৰ ইৰানৰ বিৰোধিতা আৰু চীন-ৰাছিয়াৰ ইৰানক সমর্থন জনোৱাৰ মাজতে ৰাষ্ট্ৰপতি পুটিনৰ এই মন্তব্যই যথেষ্ট তাৎপর্য বহন কৰিছে।