ৰাছিয়াৰ তেল ক্ৰয় নকৰিবলৈ মোদীক হেঁচা দি ট্রাম্পে বিশ্বজনীন সম্পৰ্ক বিনষ্ট কৰিছে

dainik janambhumi June 06, 2026

ডিজিটেল ডেস্ক : ৰাছিয়াৰে সম্পৰ্ক কমাই আনিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হেঁচা দি থকাটোৱে বিশ্বজনীন সম্পর্ক বিনষ্ট কৰিব।' এই মন্তব্য ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ। তেওঁ কয় যে ৰাছিয়াৰ ভূ-ৰাজনৈতিক বিভিন্ন সমস্যা থকাৰ লগতে দেশখনে বিভিন্ন গোলকীয় কার্যসূচীত জড়িত হৈ থকাৰ পাছতো মস্কো আৰু নতুন দিল্লীৰ সম্পৰ্ক সদায় অতি গভীৰ হৈ আছে। মস্কো আৰু নতুন দিল্লীৰ মাজৰ সম্পৰ্ক কমাই অনাৰ বাবে আমেৰিকাই ভাৰতক হেঁচা দিয়াটোৱে ভাৰত-ৰুছ সম্পৰ্কত কোনো প্রভাৱ নেপেলায়। তাৰ পৰিৱৰ্তে আন্তর্জাতিক সম্পৰ্কৰ বাবেহে ই ক্ষতিকাৰক হ'ব বুলিও পুটিনে কয়। 

উল্লেখযোগ্য যে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে ভাৰতক ৰাছিয়াৰ পৰা তেল ক্রয় নকৰিবলৈ হেঁচা দি আছে। ইয়াৰ মাজতে পুটিনে কয় যে ৰাছিয়াই ভাৰতলৈ তেল যোগান অব্যাহত ৰাখিব। ইফালে তেওঁ কয় যে চীন আৰু ভাৰতৰ মাজৰ স্পৰ্শকাতৰ বিষয়ত ৰাছিয়াই কেতিয়াও হস্তক্ষেপ নকৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনা ৰাষ্ট্ৰপতি ঝি জিনিপিঙে দুয়োখন দেশৰ মাজৰ সীমা বিবাদকে ধৰি অন্যান্য সমস্যাসমূহৰ সু-সমাধানৰ বাবে কাম কৰি আছে। 

ছেইণ্ট পিটাৰ্ছ বার্গত সাংবাদিকৰে বার্তালাপত পুটিনে কয় যে ৰাছিয়াই নতুন দিল্লী আৰু বেইজিঙৰ লগত সমানে শক্তিশালী সম্পৰ্ক ৰক্ষা কৰি আহিছে। গতিকে, দুয়োখন দেশৰ দ্বিপাক্ষিক বিষয়ত হস্তক্ষেপ কৰাৰ কোনো কাৰণ নাই ৰাছিয়াৰ। ভাৰত-চীনৰ মাজৰ সম্পর্ক অতি সংবেদনশীল। গতিকে, এনে সম্পৰ্কত হস্তক্ষেপ কৰাটো কোনো ভাল সিদ্ধান্ত নহ'ব বুলিও ৰুছ ৰাষ্ট্ৰপতিজনে কয়। তেওঁ লগতে কয় যে পাকিস্তান চীনৰ নিয়ন্ত্রণত আছে বুলি ভবাটো ভুল।

Share This