ইউৰোপীয় দেশৰ জি পি এছ সংকেত প্ৰেৰণত বাধা ৰুছ কৃত্ৰিম উপগ্ৰহৰ

dainik janambhumi June 09, 2026

ডিজিটেল ডেস্ক : ৰাছিয়াই ইউৰোপৰ অন্যতম দেশ ইউক্রেইনৰ লগত ভূ-ৰাজনৈতিক যুদ্ধ চলাই থকাৰ সময়তে মহাকাশতো ছুপাৰ পাৱাৰ ৰাষ্ট্ৰখনে ইউৰোপীয় দেশসমূহৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে। ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন নেতৃত্বাধীন দেশখনৰ কৃত্রিম উপগ্রহে সমগ্র ইউৰোপ মহাদেশৰ ৰাষ্ট্ৰসমূহৰ জি পি এছ সংকেত প্ৰেৰণ প্ৰক্ৰিয়াত বাধা প্রদান কৰিছে। 

বিজ্ঞানীসকলে ইউৰোপৰ দেশসমূহলৈ ৰুছ উপগ্ৰহই সৃষ্টি কৰা বিপদ সন্দর্ভত সতর্কবাণী প্ৰেৰণ কৰিছে। ভূ-ৰাজনৈতিক সংকট চলি থকাৰ মাজতে ৰাছিয়াই এইবাৰ মহাকাশ প্রযুক্তিক যুদ্ধ ভূমি হিচাপে ব্যৱহাৰ কৰাৰ আশংকা কৰিছে বিজ্ঞানীসকলে। ৰাছিয়াৰ উপগ্ৰহই ইউৰোপৰ বিভিন্ন অংশৰ জি পি এছ সংকেত ব্যৱস্থাত বাধা আৰোপ কৰাত এই ব্যৱস্থাৰে জড়িত লাখ লাখ লোকৰ দৈনন্দিন কাম-কাজত ব্যাঘাত জন্মাৰ উপক্ৰম হৈছে। 

আমেৰিকাৰ আওষ্টিনস্থিত টেক্সাছ বিশ্ববিদ্যালয়ৰ এখন গৱেষণা-পত্ৰত এই তথ্য প্রকাশ পাইছে। ৰাছিয়াৰ কৃত্ৰিম উপগ্ৰহৰ বাবেই উৰোপৰ বহুকেইখন দেশত জি পি এছ সংকেত ব্যাহত হোৱাত জাহাজ আৰু বিমান চলাচলৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হৈছে।

Share This