ডিজিটেল ডেস্ক : চাৰি বছৰ উকলি যোৱা ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধত এইবাৰ যুদ্ধক্ষেত্রত নামি পৰিছে অত্যাধুনিক 'ৰবট যোদ্ধা'। ইউক্রেইনৰ আকাশত ড্ৰ'ন-ক্ষেপণাস্ত্ৰৰ অহৰহ বিচৰণৰ মাজতে ইউক্রেইনে ৰণত নমাইছে এই ৰবট যোদ্ধাক। মানৱবিহীন সশস্ত্র স্থল বাহন বা স্থল ৰবট ব্যৱস্থাপনা হিচাপে খ্যাত এই ৰবট যোদ্ধা এতিয়া ইউক্রেনৰ সামৰিক বাহিনীৰ অংশ হৈ পৰিছে।
অৱশ্যে ৰাছিয়াও এইক্ষেত্ৰত পিছ পৰি থকা নাই। ভ্লাডিমিৰ পুটিনৰ নেতৃত্বৰ ৰাছিয়াৰ সামৰিক বাহিনীয়েও 'ৰবট যোদ্ধা'ক যুদ্ধক্ষেত্ৰত নমোৱাৰ তথ্য প্রকাশ পাইছে। যাৰ ফলত ৰুছ-ইউক্রেইন যুদ্ধ এতিয়া মানৱীয় যুদ্ধতকৈ প্ৰযুক্তিৰ যুদ্ধ হিচাপেহে অভিহিত হৈছে। এই ৰবট যোদ্ধাই ৰণক্ষেত্ৰত বিপৰীত পক্ষৰ ক্ষেপণাস্ত্র, ড্ৰ'নৰ আক্ৰমণ সহজে প্রতিহত কৰাৰ লগতে বিধ্বস্ত কৰিবলৈ সক্ষম হৈছে।
ইফালে, শুকুৰবাৰে নিশা ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত ইউক্রেইনৰ খাৰকিভত দুটি শিশুকে ধৰি ৯জন লোকৰ মৃত্যু হয়। ৰাছিয়াৰ এটা বেলিষ্টিক মিছাইলে পূব খাৰকিভৰ এটা আৱাসিক অঞ্চলত * আঘাত কৰাত এই লোকসকলৰ মৃত্যু হয়। আৰক্ষী আৰু উদ্ধাৰকাৰী দলে বর্তমানলৈকে ভগ্নাৱশেষৰ মাজৰ পৰা পাঁচজন লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।