ডিজিটেল ডেস্ক : ৰাছিয়া-ইউক্রেইনৰ মাজৰ চাৰি বছৰীয়া ক্ষয়ংকৰী যুদ্ধৰ সমাপ্তিৰ বাবে দুই দেশৰ মাজত আবুধাবিত অনুষ্ঠিত শান্তি আলোচনাৰ বৃহস্পতিবাৰে সামৰণি পৰে। আমেৰিকাৰ মধ্যস্থতাত বুধবাৰে প্ৰথম পৰ্যায়ৰ আলোচনা সম্পন্ন হোৱাৰ পাছত কালিও বিভিন্ন বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। আলোচনা প্রক্রিয়াত দুয়ো দেশে যুদ্ধবন্দী প্ৰত্যর্পণৰ পদক্ষেপ লোৱাৰ লগতে উচ্চ পৰ্যায়ৰ সামৰিক আলোচনা আৰম্ভ কৰাৰ সিদ্ধান্ত লয়।
মার্কিন যুক্তৰাষ্ট্ৰৰ নেতৃত্বত আৰম্ভ হোৱা ত্রিপাক্ষিক বৈঠকত শ শ লোকৰ মৃত্যু হোৱা ভয়ংকৰ যুদ্ধখনৰ শীঘ্ৰে সমাপ্তিৰ বাবে জোৰ দিয়া হৈছে। সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাজধানীত আমেৰিকাৰ বিশেষ দূত ষ্টিভ উইটকফ আৰু মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ জোঁৱাই জাৰেদ কুছনাৰৰ সহযোগত ৰুছ-ইউক্রেইনৰ প্ৰতিনিধিসকল শান্তি আলোচনাত মিলিত হৈছে।
এই বৈঠকত ইউৰোপত 'নাটো'ৰ মুখ্য কমাণ্ডাৰ জেনেৰেল এলেক্সাছ গ্রিনকেইছো উপস্থিত থাকে। ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ'ল'ডিমিৰ জেলেনস্কীয়ে যুদ্ধ শীঘ্ৰে বন্ধ কৰাৰ বাবে মস্কোক হেঁচা দিয়াৰ বাবে মিত্ৰ ৰাষ্ট্ৰসমূহক আহ্বান জনাইছে।