ৰাছিয়াৰ বিশ্ববিদ্যালয়ত ছুৰিকাঘাত, চাৰি ভাৰতীয় ছাত্র আহত

dainik janambhumi February 09, 2026

ডিজিটেল ডেস্ক : ৰাছিয়াৰ এখন বিশ্ববিদ্যালয়ৰ ছাত্রাৱাসত চুৰিকাঘাতৰ ঘটনাত শনিবাৰে চাৰিজন ভাৰতীয় ছাত্র গুৰুতৰভাৱে আহত হয়। বাস্কোৰটোস্তানৰ ৰাজধানী উফাৰ ৰাজ্যিক স্বাস্থ্য বিশ্ববিদ্যালয়ব ছাত্রাৱাসত এই ঘটনা ঘটে। দেশখনৰ চৰকাৰী সূত্রই প্রকাশ কৰা তথ্য অনুসৰি এগৰাকী ১৫ বছৰীয়া কিশোৰে হাতত এখন ছুৰী লৈ বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসত প্রৱেশ কৰে আৰু এফালৰ পৰা আক্ৰমণ কবি যায়। 

ঘটনাটোত চাৰি ভাৰতীয় ছাত্রসহ বহুকেইজন আঘাতপ্রাপ্ত হয়। আক্রমণকাৰীজনক পাছত গ্রেপ্তাৰ কৰা হয়। উল্লেখযোগ্য যে ছুৰিকাঘাতত বাধা দিবলৈ যোৱা দুজন আৰক্ষী জোৱানো আক্রমণৰ বলি হয়। আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ সময়ত কিশোৰজনে নিজৰ শৰীৰতো ছুৰিকাঘাত কৰে। সমগ্র ঘটনাটো সন্দর্ভত তদন্ত ঘোষণা কৰা হৈছে। ৰাছিয়াৰ ভাৰতীয় দূতাৱাসেও ঘটনাটোক দুর্ভাগ্যজনক আখ্যা দিছে। কাজানত থকা ভাৰতীয় কনছুলেটৰ বিষয়া উফাত উপস্থিত হৈ ঘটনাৰ লগতে ভাৰতীয় ছাত্রকেইজনৰ স্বাস্থ্যৰ বুজ লয়। 

ঘটনাটোত ছাত্রাৱাসৰ বহুকেইজন ছাত্র আহত হয় আৰু ছাত্রাৱাস চৌহদৰ বিভিন্ন স্থানৰ মজিয়াত তেজৰ দোঙা বান্ধে। উল্লেখযোগ্য যে এই ঘটনাৰ পাছতে অল ইণ্ডিয়া মেডিকেল ষ্টুডেন্টছ 
এছ'চিয়েশ্যনে ৰাছিয়াত অধ্যয়নৰত ভাৰতীয় চিকিৎসা বিজ্ঞানৰ ছাত্ৰসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীক আহ্বান জনাই পত্র প্রেৰণ কৰিছে।

Share This