ৰুতুৰাজ-কার্তিকৰ অপৰাজিত অর্ধশতৰান, মুম্বাইৰ সপ্তম পৰাজয়

dainik janambhumi May 03, 2026

ডিজিটেল ডেস্ক: অধিনায়ক ৰুতুৰাজ গাইকোৱাড় আৰু কার্তিক শৰ্মাৰ অপৰাজিত অর্ধ শতৰানৰ সহায়ত চেন্নাই ছুপাৰ কিংছে কালি অনুষ্ঠিত আই পি এলৰ এখন মেচত মুম্বাই ইণ্ডিয়ানছ্ক দুই উইকেটত পৰাজিত কৰে। 

মুম্বাইৰ এইবাৰৰ আই পি এলত এয়া একেৰাহে তৃতীয় আৰু সামগ্রিকভাৱে ৯খন মেচত সপ্তম পৰাজয়। আনহাতে চেন্নায়ে ৯খন মেচৰ চাৰিখনত জয়ী হৈ ৮ পইন্ট সংগ্ৰহ কৰে। কালি চেন্নাইৰ সন্মুখত জয়ৰ লক্ষ্য আছিল ১৬০ ৰানৰ। দলটোৱে গাইকোৱাড়ৰ অপৰাজিত ৬৭ (৪৮টা বল, ৫টা চাৰি আৰু ২টা ছয়) আৰু কার্তিক শৰ্মাৰ অপৰাজিত ৫৪ (৪০টা বল, ৪টা চাৰি, ৩টা চাৰি) ৰানৰ সহায়ত সহজেই ১৮.১ অ'ভাৰত দুটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। দুয়ো মিলি তৃতীয় উইকেটত ৭৫টা বলত ৯৮ ৰানৰ অপৰাজিত যুটি গড়ে। 

ইয়াৰ আগতে মুম্বায়ে প্রথমে বেটিং কৰি নমন ধীৰৰ অৰ্ধশতৰানৰ সহায়ত সাত উইকেট হেৰুৱাই ১৫৯ ৰান কৰে। নমনে ৩৭টা বলত ৪টা চাৰি আৰু ৩টা ছয়েৰে ৫৭ ৰান কৰে। ৰিয়ান ৰিকলটনে ২৪টা বলত ৫টা ছয়েৰে ৩৭ ৰান কৰে। দ্বিতীয় উইকেটত ৰিকলটন আৰু ধীৰে ৩২টা বলত ৫৮ ৰান সংগ্ৰহ কৰে। আনহাতে সূৰ্যকুমাৰ যাদৱৰ (২১) সৈতে ধীৰে তৃতীয় উইকেটত ২৪টা বলত ৪০ ৰান কৰে।

Share This