ডিজিটেল ডেস্ক :আজি কাজিৰঙাত স-পৰিয়ালে উপস্থিত হ'ব বিশ্বৰ ক্ৰিকেটৰ অন্যতম মহানায়ক শচীন তেণ্ডুলকাৰ। কাজিৰঙাৰ কহৰাৰ এখন ব্যক্তিগত পৰ্যটন নিৱাসত দুটা নিশা কটাব শচীন তেণ্ডুলকাৰে ৷
অসম গৌৰৱ কাজিৰঙাৰ গঁড়, হাতী, ঢেঁকীয়াপতীয়া বাঘ, দুষ্প্রাপ্য দল হৰিণ, এছিয়া ম'হ অর্থাৎ ফাইভ বিগ হিচাপে খ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ উদ্দেশ্যে আজি সপৰিয়ালে কাজিৰঙাত উপস্থিত হ'ব তেণ্ডুলকাৰ।
ইতিমধ্যে ক্ৰিকেটৰ অন্যতম মহানায়কগৰাকীক আদৰিবলৈ ব্যস্ত হৈ পৰিছে কাজিৰঙাবাসী। ক্ৰিকেটাৰগৰাকীক আপ্যায়নৰ বাবে পিঠা-পনাকে আদি কৰি থলুৱা ব্যঞ্জনৰ ব্যৱস্থা কৰিছে ৰিজ'ৰ্ট কৰ্তৃপক্ষই ৷ লগতে তেওঁক আদৰাৰ বাবে ব্যৱস্থা কৰা হৈছে বিহু, ঝুমুইৰ প্ৰদৰ্শনৰো।ক্ৰিকেটাৰগৰাকীয়ে স-পৰিয়ালে আজি সন্ধিয়া কাজিৰঙাত উপস্থিত হ'ব বুলি জানিব পৰা গৈছে।