শিশু কল্যাণৰ বাবে মেঘালয় চৰকাৰৰ সৈতে কাম কৰিব শচীন টেণ্ডুলকাৰ ফাউণ্ডেশ্যনে

dainik janambhumi April 20, 2025

ডিজিটেল ডেস্কঃ কিংবদন্তি ক্রিকেট খেলুৱৈ শচীন টেন্ডুলকাৰে তেওঁৰ ন্যাসৰ জৰিয়তে শিশুৰ কল্যাণৰ বাবে মেঘালয় চৰকাৰক সহায় কৰিব বুলি ঘোষণা কৰিছে। শনিবাৰে মেঘালয় চৰকাৰৰ বিষয়াই এই কথা জনায়। কেইদিনমান আগতে মেঘালয় ভ্ৰমণ কৰাৰ পাছতে টেন্ডুলকাৰে তেওঁৰ সামাজিক মাধ্যমৰ হেণ্ডলত এই কথা ঘোষণা কৰে।

ইনস্টাগ্রামত টেন্ডুলকাৰে কয়, 'আমাৰ যাত্ৰাত এটা খোজ আগলৈ। শিশুৰ কল্যাণৰ বাবে শচীন টেন্ডুলকাৰ ফাউণ্ডেশ্যন, গেছ ফাউণ্ডেশ্যন আৰু মেঘালয় চৰকাৰে একেলগে কাম কৰিব।' অৱশ্যে ৰাজ্য চৰকাৰখনক টেন্ডুলকাৰে কিদৰে সহায় কৰিব সেই বিষয়ে বিষয়াজনে বিস্তৃতভাবে জনোৱা নাই।

Share This