ডিজিটেল ডেস্ক: কালি অসম সাহিত্য সভাৰ মুক্ত শিক্ষা সংসদৰ উদ্যোগত গুৱাহাটীৰ জিলা পুথিভঁৰালত এখন শৈক্ষিক অভিৱৰ্তন অনুষ্ঠিত হয়। অভিৱৰ্তনত অসম সাহিত্য সভাৰ মুক্ত শিক্ষা পাঠ্যক্রম সংসদৰ ব্যৱস্থাৰে সমাজত শিক্ষাৰ বিস্তাৰ ঘটোৱা, শিক্ষার্থীসকলক পাঠ্যক্ৰমৰ বিষয়ে সম্যক জ্ঞান প্ৰদান কৰা, শিক্ষক-শিক্ষয়িত্রী, সাহিত্যপ্রেমী আৰু সমাজৰ সচেতন ব্যক্তিসকলৰ মাজত সমন্বয়ৰ নিদানৰ মঞ্চ হিচাপে চিহ্নিত কৰাৰ লগতে শৈক্ষিক অভিৱৰ্তনৰ দ্বাৰা অসমীয়া ভাষা আৰু সাহিত্যৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাই মূল লক্ষ্য বুলি সভাৰ প্রধান সম্পাদক দেৱজিৎ বৰাই উদ্দেশ্য ব্যাখ্যাত উল্লেখ কৰে।
অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে অভিৱৰ্তনত সভাপতিত্ব কৰি কয়-'অসমীয়া ভাষা শিক্ষণৰ বাবে সাহিত্য সভাৰ দায়বদ্ধতা আছে। এই দায়বদ্ধতাৰ বাবে অসম সাহিত্য সভাৰ মুক্ত শিক্ষা সংসদৰ দ্বাৰা ভাষা শিক্ষণ ব্যৱস্থা ব্যাপক কৰি তুলিছে। সভাই ৰাজ্যখনত ১০টা শিক্ষণ কেন্দ্ৰৰ যোগেদি বছৰি পোন্ধৰশৰো অধিক শিক্ষার্থীক সংযুক্ত কৰি পাঠ্যক্ৰম আগবঢ়াই নিছে। এই পাঠ্যক্ৰমৰ সমাপ্তিয়ে শিক্ষার্থীসকলক অসমীয়া ভাষাৰ মাধ্যমত চিন্তা-চর্চা কৰাৰ সুযোগ দিয়াৰ লগতে কৰ্মক্ষেত্ৰত এই মানপত্ৰৰ জৰিয়তে সহায় পোৱাৰ ব্যৱস্থা কৰিছে। আধুনিক ভাষা বিজ্ঞানৰ দৃষ্টিভংগীৰে অসমীয়া ভাষাটো অধ্যয়ন আৰু বিশ্লেষণ কৰাৰ বাবে তেওঁলোক ইয়াৰ জৰিয়তে নিশ্চয়কৈ আগ্রহী হ'ব। ইয়াৰ বাবে অসমীয়া ভাষাৰ সৃষ্টিশীল লেখা উপন্যাস, গল্প আদি পঢ়াৰ অভ্যাস এটাও গঢ়ি তুলিব। এনে পৰিৱেশ নিৰ্মাণৰ বাবে অসম সাহিত্য সভাৰ এনে কাৰ্যসূচীসমূহৰ বাবে সক্ৰিয়তাৰে ভূমিকা গ্রহণ কৰিছে।'
মুক্ত শিক্ষা সংসদৰ আহ্বায়ক তুফেল জিলানীয়ে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে উচ্চশিক্ষা সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক প্রসন্ন বৰা আৰু আৰু কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা বিশিষ্ট লেখিকা ড° গৰিমা কলিতাই। অভিৱৰ্তনত প্রসন্ন বৰাই 'অসম সাহিত্য সভাই নতুন প্রজন্মক বাস্তৱ বোধগম্যতাৰে প্রায়োগিক ব্যৱহাৰৰ মাধ্যমেৰে ভাষা-সাহিত্যৰ প্ৰতি আগ্ৰহী কৰাৰ বাবে সঁচা অৰ্থত মনোনিৱেশ কৰিব লাগিব আৰু নতুন প্ৰজন্মৰ মনোজগতক অধ্যয়ন কৰি নতুন কর্ম সম্পাদন কৰিব লাগিব বুলি উল্লেখ কৰে। বিশিষ্ট অতিথি, লেখিকা ড° গৰিমা কলিতাই কয় যে অসমীয়া ভাষা শুদ্ধ ৰূপত নতুন প্রজন্মৰ মাজত প্ৰসাৰিত কৰিবলৈ অসম সাহিত্য সভাই লোৱা ভূমিকা প্রশংসনীয়।
অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱাই মুক্ত শিক্ষা সংসদৰ পাঠ্যক্ৰম পুথি উন্মোচন কৰি সভাই নিয়মীয়াভাৱে অসমীয়া ভাষা শিক্ষণত দিয়া গুৰুত্ব প্রসংগত উল্লেখ কৰি শিক্ষার্থী, শিক্ষক সকলো এই পাঠ্যক্রমক বহল পৰিসৰলৈ আগবঢ়াই নিয়াৰ পোষকতা কৰে। অভিৱৰ্তনত তুফেল জিলানী আৰু ড° মন্টু কুমাৰ বড়াৰ সম্পাদিত 'অসমীয়া ভাষাঃ শিক্ষণ, পাঠ আৰু প্রয়োগ' গ্রন্থখন উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে। অভিৱৰ্তনৰ লগত সংগতি ৰাখি মুক্ত শিক্ষা পাঠ্যক্রম সংসদৰ পুস্তিকা এখন মুকলি কৰে। অনুষ্ঠানত কটন কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° পইনুদ্দিন আহমেদ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। কার্যসূচীত বিগত বৰ্ষত পাঠ্যক্রম সম্পূর্ণ কৰা শিক্ষাৰ্থীসকলক মানপত্ৰ প্ৰদান কৰাৰ লগতে পৰীক্ষা কেন্দ্ৰসমূহৰ সমন্বয়কসকলকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
অনুষ্ঠানত অসম সাহিত্য সভাৰ ধনভঁৰালী মণিৰাম লাহন, প্রধান সচিব অশোক কুমাৰ সেনাপতি, স্থায়ী বিত্তীয় নিধিৰ আহ্বায়ক গোবিন্দ কলিতা, প্রাক্তন ধনভঁৰালী মিহিৰ কুমাৰ বৰুৱা, কর্ণধাৰ সদস্য ধীৰেন শৰ্মা, গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক সঞ্জীৱ কুমাৰ শৰ্মা, ডায়েট কামৰূপৰ প্ৰবক্তা তথা লেখক ড° শিৰোমণি ভূঞা, সভাৰ তথ্য প্রযুক্তি উপ-সমিতিৰ আহ্বায়ক স্বৰ্গজ্যোতি চেতিয়াৰ লগতে শিক্ষা কেন্দ্ৰসমূহৰ সমন্বয়ক অখিল কলিতা, ৰফিক উদ্দিন, কুসুম কলিতা, দামোদৰ তালুকদাৰ, যমুনা ৰায়, প্রবীণ হাজৰিকা, সান্ত্বনা ঠাকুৰীয়া প্ৰমুখ্যে বহুসংখ্যক বিশিষ্ট ব্যক্তি আৰু ছাত্র-ছাত্রী উপস্থিত থাকে।
উল্লেখযোগ্য যে অভিৱৰ্তনতে সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই প্রত্যেক জিলাতে মুক্ত শিক্ষা সংসদৰ পাঠ্যক্ৰমৰ কেন্দ্ৰ আৰম্ভকৰাৰ বাবে সভাই লোৱা উদ্যোগ ঘোষণা কৰে আৰু সভাৰ জিলা সমিতিসমূহক এইক্ষেত্ৰত ক্ষিপ্ৰতাৰে সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনায়।