ডিজিটেল ডেস্ক : এতিয়াৰ পৰা যিকোনো সামগ্ৰীক চাহৰ নামত বিক্ৰী কৰিব নোৱাৰিব। কেৱল কেমেলিয়া ছাইনেনছেছ (Camellia sinensis) গছৰ পৰা তৈয়াৰ কৰা সামগ্রীকহে চাহ বুলি ক'ব পাৰিব। খাদ্য সুৰক্ষা তথা মানক প্ৰাধিকৰণে (এফ এছ এছ এ আই) স্পষ্ট কৰি দিয়ে যে চাহ বুলি কেৱল সেইবিলাক সামগ্রীকহে কোৱা হ'ব যিবিলাক কেমেলিয়া ছাইনেনছেছৰ পৰা উৎপাদন কৰা হয়। এফ এছ এছ এ আয়ে লগতে এইবুলিও কয় যে হার্বেল টী, ৰুইছ টী আৰু ফ্লাৱাৰ টীৰ দৰে পানীয়ৰ সামগ্ৰীক চাহ বুলি কোৱাটো ভুল আৰু বিভ্রান্তিকৰ। ইয়াক মিছ ব্রেন্ডিং বুলি ধৰা হ'ব।
এনেধৰণৰ পানীয় প্ৰপাইটৰী বা ননস্পেচিফিক খাদ্যৰ অধীনলৈ আহিব। আন কথাত এতিয়াৰ পৰা চাহ গছৰ বাদে আন উদ্ভিদ তথা ফুলৰ পৰা তৈয়াৰ কৰা পানীয়ক চাহ বুলি কোৱাটো অবৈধ হ'ব। প্ৰাধিকৰণে লগতে এইবুলিও স্পষ্ট কৰি দিয়ে যে এই নিয়মৰ উলংঘা কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এই নির্দেশ সকলো উৎপাদনকাৰী তথা বিক্রেতাৰ বাবে অনিবার্য বুলি কোৱা হৈছে।
প্ৰাধিকৰণে লগতে কয় যে খাদ্য সামগ্ৰীৰ পেকেটৰ ওপৰত ইয়াৰ সঠিক আৰু বাস্তৱ নাম লিখাটো বাধ্যতামূলক। প্রাধিকৰণে এইবুলিও কয় যে কাংৰা টী, গ্রীন টী আৰু ইন্ষ্টেন্ট টীও কেমেলিয়া ছাইনেনছেছ গছৰ পাতৰ পৰা তৈয়াৰ কৰা হ'ব লাগিব। এই নিয়ম উলংঘা কৰাসকলৰ বিৰুদ্ধে ২০০৬ চনৰ এফ এছ এছ এ আই আইনৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। হার্বাল বা গ্রীন (চাহপাতৰ পৰা প্ৰস্তুত নকৰা) টীক চাহ বুলি ব্ৰেণ্ডিং কৰিলে বিভ্রান্তিকৰ তথা অশুদ্ধ লেবেলিঙৰ শ্ৰেণীত ধৰা হ'ব। এফ এছ এছ এ আয়ে প্রকাশ কৰা নির্দেশটোত কোৱা হৈছে যে বিভিন্ন কোম্পানীয়ে হার্বাল টী, ৰুইব্ছ টী আৰু ফ্লাৱাৰ টীক চাহ বুলি বিক্ৰী কৰে, কিন্তু এইবিলাক প্রকৃততে চাহ নহয়, কিয়নো এইবিলাক চাহ গছৰ পাতৰ পৰা তৈয়াৰ কৰা নহয়।