চামগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বিষাক্ত পার্থেনিয়াম

dainik janambhumi June 27, 2025

ডিজিটেল ডেস্কঃ নগাঁও জিলাৰ চামগুৰিৰ বিভিন্ন অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দিনকদিনে বৃদ্ধি পাইছে বিষাক্ত উদ্ভিদ পার্থেনিয়াম। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গাঁৱৰ ৰাক্তা-ঘাটলৈকে বিস্তাৰিত হৈছে ভয়ংকৰ ৰূপত বৃদ্ধি পোৱা পার্থেনিয়ামে বর্তমান জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছে ভাবুকি। 

চামগুৰিৰ আমনি, মিছা, ৰঙাগড়া, আমনিগাঁও, পহুকটা, ভেলেউগুৰি, তেলিয়াগাঁও, পুৰণিগুদাম, গড়মূৰ আদিকে ধৰি বিভিন্ন অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে বিষাক্ত পার্থেনিয়াম গছ। বৰবিহ স্বৰূপ এই পার্থেনিয়ামে জনজীৱনৰ প্রতি ভাবুকি কঢ়িয়াই আনিছে বুলি স্থানীয় সচেতন মহলে মত প্রকাশ কৰিছে।

 উল্লেখযোগ্য যে নার্জী ফুলৰ পাতৰ দৰে সাদৃশ্য থকা আৰু বগা ৰঙৰ সৰু সৰু ফুলৰ উদ্ভিদবিধেই পার্থেনিয়াম। জানিব পৰা মতে, এই উদ্ভিদবিধৰ বৈজ্ঞানিক নাম 'পার্থেনিয়াম হাইড্রফ'ৰাছ'। পার্থেনিয়াম উদ্ভিদৰ পৰা গৰু-ছাগলী আদি জীৱ-জন্তুৰ বাবেও অপকাৰী হোৱাৰ লগতে মানুহৰ শৰীৰত খজুৱতি, এলার্জী, হাপানী শ্বাস-প্রশ্বাসজনিত ৰোগৰ লগতে বিভিন্ন ৰোগৰ সৃষ্টি কৰে। উদ্ভিদ বিজ্ঞানীসকলৰ মতে, পার্থেনিয়ামৰ ফুল আৰু বীজত Sesquiterpene Lactones নামৰ এক টক্সিন পোৱা যায়। এই টক্সিন মানুহ আৰু জীৱ-জন্তুৰ বাবে অতি ক্ষতিকাৰক। জীৱ-জন্তুৰ শৰীৰ ফুলি উঠে, জ্বৰ, বদহজম আৰু নানা উপসর্গই দেখা দিয়ে। মানুহৰ শৰীৰত লাগিলে ছাল ৰঙা পৰি খজুৱতি হয়। ছালৰ কেঞ্চাৰ ৰোগৰ কাৰণো হৈ পৰে বুলি জানিব পৰা গৈছে।

 পার্থেনিয়ামৰ ফুলৰ ৰেণু মানুহৰ শৰীৰত প্ৰৱেশ কৰিলে এলার্জী, হাপানী, ব্রংকাইটিচ, ছালৰ বিভিন্ন ৰোগ, অসহ্য মূৰৰ বিষ, ঘনে ঘনে জ্বৰ উঠা আদি নানা ধৰণৰ ৰোগ সৃষ্টি কৰিব পাৰে। তদুপৰি পার্থেনিয়াম উদ্ভিদৰ পৰা গৰু, ছাগলী, আদি জীৱ-জন্তুৰ বদহজম, জ্বৰ, শ্বাস-প্রশ্বাসজনিত ৰোগত আক্রান্ত হয় আৰু মৃত্যু পর্যন্ত হ'ব পাৰে। বিষাক্ত পার্থেনিয়ামক লৈ বর্তমান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ সম্পূর্ণ নীৰৱ হোৱা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ সময়ত বহিঃৰাজ্যৰ পৰা অহা পথ নিৰ্মাণ কোম্পানীৰ যান-বাহনবোৰত বিষাক্ত পার্থেনিয়ামৰ বীজ আহিছিল বুলি একাংশ সচেতন লোকে সন্দেহ প্রকাশ কৰিছে। এই ক্ষেত্রত স্থানীয় সচেতন মহলে ঘাইপথ প্ৰাধিকাৰী, নগাঁও জিলা প্রশাসন আৰু কৃষি বিভাগক বিষাক্ত পার্থেনিয়াম নির্মূলকৰণ বা প্ৰতিৰোধৰ ব্যৱস্থা অতিশীঘ্ৰে গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে।

Share This