ডিজিটেল ডেস্ক : পাকিস্তানৰ ৰাজধানী ইছলামবাদৰ পৰা পোহৰলৈ আহিছে এক হৃদয়বিদাৰক ঘটনা। ১৭ বছৰীয়া টিকটক ষ্টাৰ তথা ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেন্সাৰ ছানা ইউছুফক তেওঁৰ ঘৰত গুলীয়াই হত্যা কৰা হয়। ২ জুন সোমবাৰে নিশা চুম্বাল থানাৰ অন্তৰ্গত ইছলামবাগৰ জি-১৩ ছেক্টৰত থকা তেওঁৰ বাসগৃহত সংঘটিত হয় এই ঘটনা। ‘অনাৰ কিলিং’ৰ সন্দেহত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
ছানা টিকটকত জনপ্ৰিয়তাৰ বাবে পৰিচিত আছিল। ছানাৰ ইনষ্টাগ্ৰাম আৰু টিকটকত লাখ লাখ ফ’ল’ৱাৰ আছিল, আৰু জেনেৰেশ্যন জেডৰ মাজত এগৰাকী উদীয়মান তাৰকা আছিল। তেওঁৰ হত্যাৰ খবৰে ছ’চিয়েল মিডিয়াত অনুৰাগীৰ মাজত শোক আৰু ক্ষোভৰ ঢৌৰ সৃষ্টি কৰিছে।
পাকিস্তানী সংবাদ মাধ্যমৰ মতে, ছানাক ১৭ বছৰীয়া জন্মদিনৰ মাত্ৰ কেইঘণ্টামানৰ পাছতে ঘৰত সোমাই আত্মীয়ই পইণ্ট ব্লেংক ৰেঞ্জত গুলীয়াই হত্যা কৰে। ছানাক গুলীয়াই পলায়ন কৰে দুৰ্বৃত্তই। আৰক্ষীয়ে জনোৱা মতে, ছানাৰ থিতাতে মৃত্যু হয়, আৰু তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে পাকিস্তান ইনষ্টিটিউট অব্ মেডিকেল ছায়েন্সলৈ প্ৰেৰণ কৰা হৈছে।
আৰক্ষীৰ তদন্তত দেখা গৈছে যে দুৰ্বৃত্তজন সম্ভৱতঃ অতিথি হিচাপে ছানাৰ ঘৰত উপস্থিত আছিল। অৱশ্যে এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই, হত্যাকাণ্ডৰ আঁৰৰ উদ্দেশ্য এতিয়াও স্পষ্ট হোৱা নাই। একাংশ সংবাদ মাধ্যমৰ বাতৰিয়ে দাবী কৰিছে যে এই গোচৰটো ‘অনাৰ কিলিং’ৰ কোণৰ পৰাও তদন্ত চলি আছে, কিয়নো ছ’চিয়েল মিডিয়াত ছানাৰ কাৰ্যকলাপ আৰু তেওঁৰ ভিডিঅ’ক হয়তো একাংশ লোকে আপত্তিজনক বুলি বিৱেচনা কৰিছে।
পাকিস্তানৰ ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেন্সাৰ এনে আক্ৰমণৰ সন্মুখীন হোৱাটো প্ৰথম নহয়। চলিত বৰ্ষৰ জানুৱাৰী মাহত কুৱেটাত হীৰা নামৰ ১৫ বছৰীয়া কিশোৰীক টিকটকত ভিডিঅ’ প'ষ্ট কৰাৰ অভিযোগত পিতৃ আৰু মাতৃৰ ককাকে ‘অনাৰ কিলিং’ত হত্যা কৰিছিল। লগতে ২০১৬ চনত বিখ্যাত ছ’চিয়েল মিডিয়া তাৰকা কাণ্ডীল বালোচক তেওঁৰ ভাতৃয়ে ডিঙি চেপি হত্যা কৰিছিল আৰু পিছত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি লাভ কৰিছিল। ছানা ইউছুফৰ হত্যাকাণ্ডই পাকিস্তানৰ, বিশেষকৈ ছ’চিয়েল মিডিয়াত উপস্থিতি থকা মহিলাসকলৰ সুৰক্ষা আৰু স্বাধীনতাক লৈ পুনৰ প্ৰশ্নৰ উত্থাপন কৰিছে।
উৎস প্ৰাগ নিউজ ডিজিটেল