ছানায়ে টাকাইচি জাপানৰ প্ৰথমগৰাকী মহিলা প্রধানমন্ত্রী

dainik janambhumi October 22, 2025

ডিজিটেল ডেস্কঃ জাপানৰ শাসনত থকা লিবাৰেল ডেমক্রেটিক পার্টিৰ (এল ডি পি) নেত্রী ছানায়ে টাকাইচিক আজি দেশখনৰ সংসদৰ নিম্ন সদনে প্রধানমন্ত্রীৰূপে নির্বাচিত কৰে। জাপানৰ প্ৰধানমন্ত্ৰীৰ পদ গ্রহণ কৰা টাকাইচি প্রথমগৰাকী মহিলা। দেশখনৰ নিম্ন সদনে আজি তেওঁক ২৩৭-১৪৯টা ভোটৰ ব্যৱধানত প্রধানমন্ত্রী নিৰ্বাচিত কৰে। ইয়াৰ পাছত দেশখনৰ সংসদৰ উচ্চ সদনেও টাকাইচিক প্রধানমন্ত্রীৰূপে নির্বাচিত কৰে।

উচ্চ সদনত তেওঁ প্রথম পৰ্যায়ত এটা ভোটৰ বাবে সংখ্যাগৰিষ্ঠতা পোৱা নাছিল, কিন্তু দ্বিতীয় পৰ্যায়ৰ ভোটত তেওঁ ১২৫-৩৭টা ভোটৰ ব্যৱধানত জয়ী হয়। তেওঁ এটা কম শক্তিশলী মর্চাক লগত লৈ প্রধানমন্ত্ৰীৰ পদ গ্ৰহণ কৰে। টাকাইচি দেশখনৰ প্ৰয়াত প্রধানমন্ত্রী শ্বিঞ্জো আবেইৰ সমৰ্থক। তেওঁ দেশত এক শক্তিশালী সেনা, শক্তিশালী প্রব্রজন নীতি আৰু জাপানৰ শান্তিবাদী সংবিধানৰ সংশোধনৰ সমৰ্থন কৰি আহিছে। উল্লেখযোগ্য যে চলিত মাহৰ আৰম্ভণিতে তেওঁ এল ডি এফৰ নেত্ৰী নির্বাচিত কৰা হয়। টাকাইচিয়ে ২০২১ আৰু ২০২৪ চনতো প্রধানমন্ত্রী পদ গ্ৰহণৰ চেষ্টা কৰিছিল, কিন্তু দুয়োবাৰেই তেওঁ ইয়াৰ বাবে প্রয়োজন হোৱা সাংসদৰ সমৰ্থন গোটাব পৰা নাছিল। টাকাইচিয়ে শ্বিগেৰু ইশ্বিবাৰ স্থান ল'ব।

দেশখনত মূল্য বৃদ্ধিৰ বাবে ক্ষোভৰ সৃষ্টি হোৱা আৰু বিৰোধী পক্ষৰ প্ৰতি সমর্থন বৃদ্ধি পোৱাৰ সময়তে তেওঁ জাপানৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্রহণ কৰে। তেওঁ দেশখনত পুৰুষ ৰজাৰ সমর্থক আৰু ৰাণীয়ে পদ গ্রহণ কৰি দেশ শাসন কৰাৰ বিৰোধী। তেওঁ জাপান আৰু আমেৰিকাৰ মাজত আগষ্টত হোৱা বাণিজ্য চুক্তিৰ বিৰোধিতা কৰি কয় যে এই সম্পর্কত পুনৰ আলোচনা আৰম্ভ কৰা হ'ব। জাপানৰ লৌহ মানৱীৰূপে খ্যাত টাকাইচিয়ে আজি দেশখনৰ ১০৪সংখ্যক প্রধানমন্ত্রীৰূপে শপত গ্রহণ কৰে।

উল্লেখযোগ্য যে টাকাইচি দেশখনৰ যোৱা পাঁচ বছৰত চতুৰ্থগৰাকী প্রধানমন্ত্রী।

Share This