চর্চালৈ আহিছে সন্দীপন গাৰ্গৰ ভূমিকাও, মুখ্যমন্ত্ৰীৰ ঘোষণা: বিষয়টো পৰীক্ষা হ'ব

dainik janambhumi September 23, 2025

ডিজিটেল ডেস্ক : দিন উকলি যোৱাৰ লগে লগে জুবিন গাৰ্গৰ মৃত্যু সম্পর্কে উন্মোচন হৈছে ন ন তথ্য। এইবাৰ জুবিনৰ লগত ছিংগাপুৰলৈ যোৱা তেওঁৰ সম্পৰ্কীয় ভাতৃ তথা অসম আৰক্ষী সেৱাৰ বিষয়া সন্দীপন গাৰ্গৰ নামো সাঙোৰ খাই পৰিছে। বর্তমান বকো সমজিলাৰ উপ-আৰক্ষী আয়ুক্ত হিচাপে কার্যনির্বাহ কৰি থকা সন্দীপন গার্গে বিদেশলৈ যোৱাৰ বাবে ৰাজ্য চৰকাৰৰ অনুমতি লৈছিলনে? তাক লৈ এতিয়া প্রশ্নৰ উত্থাপন হৈছে। 

সমগ্র বিষয়টোক লৈ কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্রিয়া শেষ হৈ যোৱাৰ পাছতেই বিষয়টো পৰীক্ষা কৰা হ'ব। যদিহে তেওঁ গৃহ বিভাগৰ অনুমতি নোলোৱাকৈ বিদেশলৈ গৈছিল তেনেহ'লে ব্যৱস্থা গ্রহণ কৰা হ'ব। ইফালে জুবিন গাৰ্গৰ অতি ঘনিষ্ঠ তথা সম্পর্কীয় ভাতৃ সন্দীপন সেই সময়ত য়াটত থকাৰ পাছতো তেওঁ জুবিন গাৰ্গক কিয় বচাবলৈ নগ'ল বুলি প্রশ্ন উত্থাপন কৰিছে জুবিন অনুৰাগীসকলে। সন্দীপনে সেই সময়ত কি কৰি আছিল বুলি প্রশ্ন তুলি অনুৰাগীসকলে প্রকাশ কৰিছে যে এজন প্রশিক্ষণপ্রাপ্ত আৰক্ষী বিষয়া হোৱাৰ পাছতো জুবিনক কিয় পানীৰ পৰা ততালিকে তেওঁ উদ্ধাৰ নকৰিলে ইয়াৰ উত্তৰ অসমবাসীক দিব লাগে। 

উল্লেখযোগ্য যে ২০২০-২০২১ বৰ্ষৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত অসম আৰক্ষী সেৱাত ৬০ সংখ্যক স্থান লাভ কৰা সন্দীপনৰ ঘৰ ডিব্ৰুগড় জিলাৰ নামৰূপত। তেওঁৰ সন্দীপনৰ পিতৃ বিজু মোহন বৰঠাকুৰ নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফার্টিলাইজাৰ কৰ্প'ৰেশ্যন লিমিটেডত কৰ্মৰত আছিল। সন্দীপনে অৰুণাচল প্রদেশস্থিত উত্তৰ-পূব আঞ্চলিক বিজ্ঞান আৰু প্রযুক্তি প্ৰতিষ্ঠানৰ পৰা চিভিল ইঞ্জিনীয়াৰিঙৰ শিক্ষা সাং কৰিছিল।

Share This