সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ উদ্যোগ, সংগীতা বৰুৱা পিছাৰোটিক ৰাজবালা দাস ৰাষ্ট্ৰীয় বঁটা প্রদান

dainik janambhumi March 09, 2026

ডিজিটেল ডেস্ক: সন্দিকৈ ছোৱালী মহাবিদ্যালয়ে কালি মহাবিদ্যালয় প্রাংগণত আয়োজন কৰা এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত মহাবিদ্যালয়খনৰ প্রতিষ্ঠাপক অধ্যক্ষা ৰাজবালা দাসৰ স্মৃতিত বিশিষ্ট সাংবাদিক সংগীতা বৰুৱা পিছাৰোটিক এইবছৰৰ তৃতীয় ৰাজবালা দাস ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। এই বঁটাত আছে ৫০,০০০ টকা, এটা স্মাৰক আৰু এখন প্রশস্তি-পত্র। 

একেটা অনুষ্ঠানতে বিশিষ্ট সাংবাদিক প্রশান্ত ৰাজগুৰুৱে তৃতীয় ৰাজবালা দাস বার্ষিক বক্তৃতা দিয়ে। অনুষ্ঠানত ৰাজবালা দাসৰ পৰিয়ালৰ সদস্য, তেওঁৰ গুণমুগ্ধ ব্যক্তি, মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° ৰঞ্জিত শৰ্মা, মহাবিদ্যালয় শিক্ষক গোটৰ সভাপতি ড° অৰ্চনা শৰ্মাৰ লগতে কৰ্মচাৰী তথা শিক্ষার্থীসকল উপস্থিত থাকে। 

উল্লেখযোগ্য যে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ প্রতিষ্ঠাপক অধ্যক্ষা তথা অসমত নাৰী শিক্ষাৰ বাটকটীয়া ৰাজবালা দাসৰ সোঁৱৰণত প্ৰতিবছৰে ৮ মাৰ্চত আন্তর্জাতিক নাৰী দিৱসৰ দিনটোত সমাজলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা এগৰাকী মহিলাক এই ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰি অহা হৈছে। ২০২৪ চনত বিশিষ্ট সমাজকর্মী ড° মনীষা বেহল আৰু ২০২৫ চনত সমাজকর্মী তথা লেখিকা জুনু বৰাক ৰাজবালা দাস ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছিল। 

লক্ষণীয়ভাৱে প্রয়াত ৰাজবালা দাসে ১৯৩৯ চনত তেতিয়াৰ পাণবজাৰ ছোৱালী হাইস্কুলত মাত্র দুগৰাকী ছাত্ৰীৰে এই মহাবিদ্যালয়খন আৰম্ভ কৰিছিল। ইয়ে পাছলৈ দীঘলীপুখুৰীৰ পাৰত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰূপে প্রতিষ্ঠিত হয়।

Share This