ডিজিটেল ডেস্ক : বিশ্বকাপত নিউজিলেণ্ডৰ মিডফিল্ডাৰ সৰপ্ৰীত সিঙে কালি এক ইতিহাসৰ সৃষ্টি কৰে। তেওঁ বিশ্বকাপৰ প্ৰাৰম্ভিক একাদশত স্থান পোৱা ভাৰতীয় মূলৰ প্ৰথমজন ফুটবলাৰৰূপে পৰিগণিত হয়।
ইৰানৰ বিৰুদ্ধে এই মেচখনত সৰপ্ৰীত সিঙৰ ফিফা বিশ্বকাপত অভিষেক ঘটে আৰু তেওঁ সম্পূর্ণ ৯০ মিনিট মেচখনত খেলে। এই মেচখন ২-২ গ'লত ড্র হয়। ইয়াৰ আগতে ভাৰতীয় মূলৰ আন এগৰাকী খেলুৱৈ নিশান ভেলুপিল্লেই অষ্ট্ৰেলিয়াৰ হৈ এই প্রতিযোগিতাত পদার্পণ কৰে। সৰপ্ৰীত সিঙৰ এই সফলতা ভাৰতীয় ফুটবল প্ৰেমীৰ বাবে গৰ্বৰ ক্ষণ হৈ পৰে। ইয়াৰ যোগেদি ভাৰতীয় মূলৰ খেলুৱৈয়ে বিশ্ব মঞ্চত নিজৰ উপস্থিতি জাহিৰ কৰাটো সফল হয়।
অকলেণ্ডৰ এটা পঞ্জাবী পৰিয়ালত জন্মগ্রহণ কৰা ২৭ বছৰীয়া সৰপ্ৰীতে কালি বিশ্বকাপত খেলা প্রথমখন মেচত নিজৰ চাপ এৰি যাবলৈ সক্ষম হয়। নিউজিলেণ্ডৰ মুখ্য প্রশিক্ষক ডেৰেন বেজলেই সৰপ্ৰীতৰ প্ৰতি ভৰসাৰ প্ৰকাশ কৰি দলৰ প্ৰাৰম্ভিক একাদশত মিডফিল্ডাৰ হিচাপে স্থান দিয়ে। দহ নম্বৰ জাছী পৰিধান কৰা সৰপ্ৰীতে সমগ্ৰ মেচখনত আত্মবিশ্বাসেৰে খেলা পৰিলক্ষিত হয়। তেওঁ তিনিবাৰ গ'লৰ চেষ্টা কৰে যদিও সফল নহ'ল। তেওঁ সম্পূর্ণ ৯০ মিনিট খেলে যদিও ইনজুৰী টাইমত তেওঁৰ স্থানত পৰিৱৰ্তিত খেলুৱৈক খেলপথাৰত নমোৱা হয়। ইয়াৰ আগতে অষ্ট্ৰেলিয়াৰ হৈ ভাৰতীয় মূলৰ খেলুৱৈ নিশানে বিশ্বকাপত প্ৰথমবাৰৰ খেলে। অৱশ্যে তেওঁ প্ৰাৰম্ভিক একাদশত স্থান পোৱা নাছিল।
খেলৰ ৬০ মিনিটত পৰিৱৰ্তিত খেলুৱৈৰূপে খেলপথাৰত নামিছিল। আনহাতে, ২০০৬ চনৰ বিশ্বকাপত ফ্ৰান্সৰ হৈ ভাৰতীয় মূলৰ খেলুৱৈ বিকাশ ধৰাসুৱে গ্ৰুপ পর্যায়ত দুখন মেচ খেলিছিল, কিন্তু তেৱোঁ প্ৰাৰম্ভিক একাদশত স্থান পোৱা নাছিল। সৰপ্ৰীতে ইয়াৰ আগতে নিউজিলেণ্ডৰ হৈ ২০১৭ আৰু ২০১৯ চনৰ ফিফা ২০ বছৰ অনূর্ধ্বৰ বিশ্বকাপত অংশগ্ৰহণ কৰিছিল। তেওঁ ইউৰোপত ক্লাব ফুটবলো খেলিছে।