উপগ্রহীয় ছবিত পাক নৌ সেনাৰ পলায়নৰ দৃশ্য

dainik janambhumi August 19, 2025

ডিজিটেল ডেস্ক : 'পহলগাম কাণ্ড'ৰ প্রত্যুত্তৰত ভাৰতে পাকিস্তানৰ ভূমিত চলোৱা 'অপাৰেশ্যন সেন্দূৰ' অভিযান সন্দর্ভত ন-ন তথ্য পোহৰলৈ আহিছে। যোৱা ৬ মে' আৰু ৭ মে'ৰ মাজনিশা পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰত ৯টা সন্ত্রাসবাদীৰ ঘাটিত ভাৰতে আক্ৰমণ কৰিছিল আৰু ভাৰতে পাকিস্তানৰ সেনাৰ অভিযান মুৰব্বীক  জনাইছিল যে ভাৰতৰ অভিযান সম্পূর্ণ হৈছে। পাকিস্তানৰ নেতৃত্বই ভাৰতক প্রত্যুত্তৰ দিয়াৰ কথা সজোৰে কৈ আহিছিল যদিও দেশখনৰ কৰাচী আৰু গাৱাদাৰ বন্দৰৰ উপগ্রহীয় ছবি নিৰীক্ষণ কৰাৰ পাছত পাক নৌ সেনাৰ অৱস্থা শোচনীয় হৈ পৰিছিল বুলি প্রকাশ পাইছে। 

দেশ দুখনৰ সংঘর্ষ চূড়ান্ত অবস্থালৈ গতি কৰাৰ সময়ত পাক যুদ্ধ জাহাজক কৰাচীস্থিত জাহাজ নিৰ্মাণ কাৰখানালৈ স্থানান্তৰ হোৱাৰ কথা উপগ্রহীয় ছবিসমূহত ধৰা পৰিছে। ইফালে, দেশখনৰ অন্য যুদ্ধ জাহাজসমূহো ভাৰতৰ দিশে গতি কৰাৰ পৰিৱৰ্তে ইৰান সীমান্তৰ মাত্র ১০০ কিঃমিঃ দূৰত থকা পাকিস্তানৰ পশ্চিম প্রান্তৰ বন্দৰ গাৱাদাৰত আশ্ৰয় লৈ আছিল। এই সন্দর্ভত ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত ভাইচ এডমিৰেল এছ চি সুৰেশ বানগাৰাই কয় যে ৭ মে'ত ভাৰতে পাকিস্তানত আক্রমণ চলোৱাৰ পাছত পাক সেনা সম্পূর্ণ সতকর্তাত থাকিব লাগিছিল আৰু সমুখ সমৰৰ পাক যুদ্ধ জাহাজসমূহ দেশখনে অন্য স্থানত ৰখাই থকাৰ ঘটনাই পাকিস্তানৰ নিম্ন মানৰ প্রস্তুতিক সূচায়। 

তেওঁ লগতে কয় যে পাকিস্তানে যুদ্ধ জাহাজসমূহ বাণিজ্যিক বন্দৰ এলেকাত ৰাখি থোৱা কথাটো ভাৰতৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ ব্যবস্থা গ্রহণ কৰাৰে লক্ষণ। উল্লেখযোগ্য যে চীন-পাকিস্তান অর্থনৈতিক কৰিড'ৰৰ অন্যতম অলংকাৰ হিচাপে বিবেচিত গাৱাদাৰ বন্দৰটো অস্থায়ী নৌ শৰণার্থী কেন্দ্রত পৰিণত হৈছিল। অপাৰেশ্যন সেন্দূৰ আৰম্ভ হোৱাৰ ৬ মাহ পূর্বে পাকিস্তানৰ নৌ সেনাই দাবী কৰিছিল যে থলুৱাভাৱে বিকশিত পি২৮২ বেলেষ্টিক ক্ষেপণাস্ত্রযুক্ত জাহাজ সেনাত অন্তৰ্ভুক্ত কৰা হৈছে। তথাপি 'অপাৰেশ্যন সেন্দূৰ'ৰ সময়ত গাৱাদাৰ বন্দৰত ইয়াক ৰাখি থোৱাৰ কথাটোৱে পাকিস্তানৰ নৌ সেনা যে দুর্বল আছিল সেয়া উপগ্ৰহৰ ছবিয়ে স্পষ্ট কৰিছে। দেশখনে নৌ সেনা শক্তিশালী বুলি দাবী কৰি আহিলেও অপাৰেশ্যন সেন্দূৰৰ সময়ত পাক নৌ সেনাই ভাৰতক প্রত্যাক্ৰমণ কৰাৰ পৰা বিৰত থাকি পিছুৱাই আহি দেশখনৰ সীমান্তৱর্তী অঞ্চলৰ বন্দৰত জাহাজসমূহক ৰখাই থৈছিল।

Share This