বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাজ্যত সত্ৰীয়া নৃত্য মহোৎসৱ আয়োজনৰ সিদ্ধান্ত

Jyoti Borah August 05, 2023

ডিজিটেল ডেস্ক: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অনুপম সৃষ্টি তথা দেশৰ অন্যতম শাস্ত্ৰীয় নৃত্যশৈলীৰূপে স্বীকৃত সত্ৰীয়া নৃত্যক এক বিশেষ মৰ্যাদাৰে আগবঢ়াই নিয়াৰ বাবে অসম চৰকাৰে এক পদক্ষেপ গ্ৰহণ কৰিছে৷ এই উদ্দেশ্যে আজি সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাৰ সভাপতিত্বত জনতা ভৱনৰ কাৰ্যালয় কক্ষত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়৷ সাংস্কৃতিক বিভাগৰ প্ৰধান সচিব ড॰ বি কল্যাণ চক্ৰৱৰ্তী, সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালিকা মীনাক্ষি দাস নাথ, অতিৰিক্ত সচিব মণিদীপা বৰকটকী, উপ-সচিব অনুৰাগ ফুকনকে ধৰি বিভাগীয় বিষয়াসকলৰ উপস্থিতিত সত্ৰীয়া নৃত্য উৎসৱৰ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়৷   

                                                        কোণাৰ্ক ফেষ্টিভেলৰ আৰ্হিত আগন্তুক বৰ্ষৰ ৫, ৬ আৰু ৭ জানুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা এই সত্ৰীয়া নৃত্য মহোৎসৱৰ একেখন মঞ্চতে দেশৰ অন্যান্য শাস্ত্ৰীয় নৃত্য শৈলীসমূহো পৰিৱেশিত হ’ব৷ প্ৰতি নৃত্য শৈলীৰে একক, দ্বৈত, তিনিজনীয়া আৰু দলীয়ভাৱে নৃত্য পৰিৱেশন হ’বলগা এই নৃত্য উৎসৱত প্ৰতিদিনে আলোচনা-চক্ৰ, মত বিনিময় অনুষ্ঠান আদিৰ ব্যৱস্থা থাকিব৷ এই সন্দৰ্ভত বিশ¸দভাৱে আলোচনা কৰাৰ বাবে  এক বিশদ পৰিকল্পনা যুগুতাই উলিওৱাৰ লগতে পৰৱৰ্তী পৰ্যায়ত সত্ৰীয়া নৃত্য বিশেষজ্ঞ তথা অনুষ্ঠানসমূহৰে  এক বৈঠক আহবান কৰাৰ বাবে সাংস্কৃতিক মন্ত্ৰী বৰাই বিষয়াসকলক নিৰ্দেশ দিয়ে৷

Share This