সাত্বিক-চিৰাগ যুটিৰ ব্ৰঞ্জৰ পদক 

dainik janambhumi September 01, 2025

ডিজিটেল ডেস্ক : ভাৰতৰ সাত্বিক ছাইৰাজ ৰাংকীৰেড্ডী আৰু চিৰাগ ছেট্টি যুটিয়ে বেডমিন্টন বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছে। একাদশ বাছনিৰ চীনৰ চেন বুয়াং আৰু লিউ ৱিন যুটিৰ বিৰুদ্ধে যুঁজ দিও পুৰুষৰ ডাবলছত ছেমি ফাইনেলত পৰাজয়বৰণ কৰে ভাৰতৰ আগশাৰীৰ যুটিটোৱে। 

বিশ্বৰ প্ৰাক্তন ১ নম্বৰৰ যুটি সাত্বিক আৰু চিৰাগে ৬৭ মিনিটজোৰা অন্তিম ৪-ৰ খেলখনত ১৯-২১, ২১-১৮, ১২-২১ পইণ্টত হাৰ মানে। ।।

বিশ্ব বেডমিন্টন চেম্পিয়নশ্বিপত ভাৰতীয় যুটিটোৰ এয়া দ্বিতীয় পদক জয়। ইয়াৰ আগেয়ে ২০২২ চনতো ব্ৰঞ্জৰ পদক পাইছিল সাত্বিক-চিৰাগ যুটিয়ে।

Share This