ডিজিটেল ডেস্ক : মধ্য প্রাচ্যৰ যুদ্ধখনে দেওবাৰে ২৩ দিনত ভৰি দিলে আৰু যেন ক্ৰমাৎ প্ৰসাৰিত হোৱাৰ দিশত গতি কৰিছে। এইবাৰ পাকিস্তানক ইৰান আক্ৰমণৰ আহ্বান জনাইছে ছৌডি আৰবে। খাৰুৱা তেল ৰপ্তানিৰ ক্ষেত্ৰত শীৰ্ষৰ দেশখনে পাকিস্তানৰে থকা ২০২৫ চনৰ প্ৰতিৰক্ষা চুক্তিৰ দোহাই দি ইৰান আক্ৰমণৰ বাবে এই আহ্বান জনাইছে। প্ৰতিৰক্ষা চুক্তি অনুসৰি ছৌডি আৰব শত্রু দেশৰ আক্ৰমণৰ বলি হ'লে পাকিস্তানে ইয়াৰ পাৰমাণৱিক ৰক্ষাকৱচেৰে দেশখনক সুৰক্ষা প্রদান কৰিব। এই চুক্তিৰ অজুহাততে ইছলামাবাদ প্রশাসনে ইৰানত আক্রমণ চলোৱাটো বিচাৰিছে ছৌডি আৰবে।
উল্লেখযোগ্য যে ইজৰাইল আৰু আমেৰিকাই ইৰান আক্ৰমণ কৰাৰ পাছৰে পৰা ইৰানে ছৌডি আৰবকে ধৰি বিভিন্ন ৰাষ্ট্ৰত থকা মার্কিন সেনাৰ ঘাটিসমূহক লক্ষ্য কৰি আক্রমণ চলাই আহিছে। এনে আক্ৰমণত ছৌডি আৰবৰ বৃহৎ ক্ষতি হৈছে। দেশখনে আমেৰিকাৰ ওপৰত নিৰ্ভৰশীলতা কমাবৰ বাবেই পাকিস্তানে ছৌডি আৰবত আক্ৰমণ কৰাটো বিচাৰিছে।
ইফালে ছৌডিৰ আহবানত বিপাঙত পৰিছে পাকিস্তান। ছিয়া মুছলমান প্রধান ইৰানত পাকিস্তানৰ আক্ৰমণ হিতে বিপৰীত হ'বগৈ পাৰে। ইৰানত পাকিস্তানৰ আক্রমণে দেশখনৰ অভ্যন্তৰতে বিদ্ৰোহৰ সূচনা কৰাটো প্রায় নিশ্চিত। কাৰণ পাকিস্তান হৈছে বিশ্বৰ দ্বিতীয় সর্বাধিক ছিয়া মুছলমান প্রধান দেশ। পাকিস্তানত প্রায় ৫ কোটি ছিয়া মুছলমান আছে। ইফালে যুদ্ধৰ ফলত দেশখনৰ অৰ্থনীতি পুনৰ ভাগি পৰাৰো আশংকা কৰিছে ইছলামাবাদ মহলে।