ডিজিটেল ডেস্কঃ ভাৰতৰ নিৰাপত্তাৰ প্রতি ভাবুকি সৃষ্টি কৰি পাকিস্তান আৰু ছৌডি আৰবে বুধবাৰে এখন কৌশলগত পাৰস্পৰিক প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ কৰে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে ছৌডি আৰবৰ ক্রাউন প্রিন্স মহম্মদ বিন ছালমানৰ আমন্ত্রণক্রমে উপসাগৰীয় দেশখন ভ্ৰমণৰ সময়ত এই চুক্তিখন স্বাক্ষৰ কৰে।
ছৌডিৰ সংবাদ মাধ্যমে প্রকাশ কৰা অনুসৰি, এইচুক্তিখনৰ জৰিয়তে দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধি কৰাৰ লক্ষ্য লোৱাৰ লগতে যিকোনো আগ্রাসানক যুটীয়াভারে শক্তিশালী ৰূপত প্রতিহত কৰিব। এই চুক্তিখনত উল্লেখ আছে যে দুয়োখন দেশৰ ভিতৰত কোনো এখন দেশৰ বিৰুদ্ধে অন্য কোনো দেশে যদি আক্রমণ কৰে, তেনেহ'লে এই আক্রমণক দুয়োখন
দেশৰ বিৰুদ্ধে কৰা আক্ৰমণ বুলি গণ্য কৰা হ'ব। উল্লেখযোগ্য যে কাটাৰৰ ৰাজধানী ডোহাত হামাছৰ নেতাক লক্ষ্য কৰি ইজৰাইলে আক্রমণ চলোৱাৰ
কেইদিনমান পাছতেই এই কৌশলগত প্ৰতিৰক্ষা চুক্তিখন দুয়োখন দেশৰ মাজত হয়। তদুপৰি, ভাৰতৰে পাকিস্তানৰ চাৰি দিনীয়া সংঘৰ্ষৰ কেইমাহমানৰ পাছত সংঘটিত হোৱা এই চুক্তিয়ে ভাৰতৰ নিৰাপত্তাৰ প্ৰতিও ভাবুকি আনিছে। আনহাতে, ভাৰতৰ বিদেশ মন্ত্ৰ্যালয়ে এই প্ৰতিৰক্ষা চুক্তিখনৰ বিষয়ত বৃহস্পতিবাৰে কয় যে আঞ্চলিক আৰু বিশ্বজনীন সুস্থিৰতাৰ লগতে ভাৰতৰ নিৰাপত্তাৰ প্রতিও এই প্রতিৰক্ষা চুক্তিখনে আনিব পৰা ভাবুকিৰ দিশত ভাৰত চৰকাৰে অধ্যয়ন কৰি আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে ভাৰতৰ সৈতে বন্ধুত্বপূর্ণ সম্পর্ক থকা ছৌডি আৰবে পাকিস্তানৰ সৈতে কৰা প্ৰতিৰক্ষা চুক্তিখনৰ বিষয়ত ভাৰতে চিন্তা-চৰ্চা কৰি আছে। ভাৰতৰ স্বাৰ্থ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্রুতিবদ্ধ বুলি মুখপাত্ৰজনে মন্তব্য কৰে।