জম্মুৰ সীমান্তৰ ৩০খন ঠাইত পুনৰ বিদ্যালয়ৰ শ্ৰেণী আৰম্ভ

dainik janambhumi May 20, 2025

ডিজিটেল ডেস্ক : জম্মুৰ ভাৰত-পাকিস্তান সীমান্তত স্বাভাৱিক পৰিৱেশ ঘূৰি অহাৰ বাবে সোমবাৰে বিদ্যালয়সমূহৰ শ্ৰেণী পুনৰ আৰম্ভ হয়। দুয়োখন দেশৰ মাজত বৃদ্ধি পোৱা উত্তেজনা তথা সংঘৰ্ষৰ বাবে প্রায় ১২ দিন বন্ধ হৈ থকাৰ পাছত পুঞ্চ, ৰাজৌৰী, জম্মু, চাম্বা আৰু কাথুৱা জিলাৰ নিয়ন্ত্ৰণ ৰেখা আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপৰ ৩০খন ঠাইৰ বিদ্যালয়বোৰ পুনৰ আৰম্ভ হয়। 

উল্লেখযোগ্য যে যোৱা পহলগাম সন্ত্রাসবাদী আক্ৰমণৰ পোতক তুলিবলৈ ৭ মে'ত ভাৰতে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত সন্ত্রাসবাদীৰ শিবিৰ, কাৰ্যালয়, প্রশিক্ষণ শিবিৰ আদি থকা ৯টা স্থানত অপাৰেশ্যন সেন্দুৰৰ অধীনত আক্রমণ চলাইছিল। 

তাৰ পাছতে পাকিস্তানে সীমান্তত গোলাবর্ষণ কৰাৰ লগতে ড্র'ন-মিছাইল আক্ৰমণৰ চেষ্টা চলাইছিল। পাছত দুয়োখন দেশে ১০ মে'ত যুদ্ধ-বিৰতিৰ ঘোষণা কৰিছিল। জম্মুৰ বেছিভাগ বিদ্যালয় ১৫ মে'তে পুনৰ খুলিছিল যদিও সীমান্তৰ সমীপৰ বিদ্যালয়সমূহ বন্ধ আছিল।

Share This