ডিজিটেল ডেস্ক : ছাংহাই সহযোগিতা সংগঠনৰ (এছ চি অ') শীর্ষ বৈঠকত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পলৈ কঠোৰ সতর্কবাণী প্ৰেৰণ কৰা আৰু পাকিস্তানক কাষত লৈ নেতাসকলে পহলগামৰ সন্ত্রাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিয়া দুটা বিষয়ে সোমবাৰে সমগ্ৰ বিশ্বৰ দৃষ্টি আকর্ষণ কৰে। উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পে শুল্ক দম্ভালিৰে সমগ্র বিশ্বত একনায়কত্ববাদী প্রভুত্ব বিস্তাৰ কৰিবলৈ বিচৰাৰ সময়তে ইয়াত ভাৰত, চীন আৰু ৰাছিয়াকে ধৰি বিশ্বৰ কেইবাখনো শক্তিশালী দেশৰ নেতা একেখন মঞ্চত সমবেত হয়। এই মঞ্চৰ পৰাই ট্রাম্পৰ দম্ভালিক প্রত্যাহ্বান জনাই বিশ্বত এক নতুন ভূ-ৰাজনৈতিক শক্তিৰ উত্থানৰ বাৰ্তা প্ৰেৰণ কৰা হয়। শীর্ষ সম্মিলনৰ আয়োজক চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে ট্রাম্পৰ প্ৰতি কঠোৰ সতর্কবাণী প্ৰেৰণ কৰি কয় যে এতিয়াৰ পৰা শীতল যুদ্ধ বা কোনো ধৰণৰ ভাবুকিক সহ্য কৰা নহ'ব। শীর্ষ সম্মিলনত দিয়া ভাষণত জিনপিতে এছ চি অ'ৰ সকলো সদস্য ৰাষ্ট্ৰক উমৈহতীয়া স্বাৰ্থৰ হকে কাম কৰিবলৈ আহ্বান জনায়। চীনৰ বাতৰি প্রতিষ্ঠান গ্ল'বেল টাইমছে কয় যে বৈঠকত জিনপিঙে দিয়া ভাষণত কয়, 'ছাংহাই সহযোগিতা সংগঠনৰ সকলো সদস্য ৰাষ্ট্ৰই ইয়াৰ বিকাশত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। এতিয়া ইয়াক বিশ্বৰ আটাইতকৈ ডাঙৰ তথা শক্তিশালী সংগঠনৰ তালিকাত ধৰা হয়।' ৰাষ্ট্ৰপতিজনে লগতে কয়, 'আমি শীতল যুদ্ধৰ মানসিকতাক বিৰোধ কৰিব লাগিব। ইয়াত বিভিন্ন গোটত ভাগ হৈ থকা আৰু নিজৰ মাজত সংঘাত তথা ধমকিৰ কোনো স্থান নাই। '
শীর্ষ সম্মিলনৰ পূৰ্ণাংগ অধিৱেশনত দিয়া ভাষণত তেওঁ বিশ্ব ব্যৱস্থাত ধমকি দিয়াৰ প্ৰবৃত্তিক কঠোৰ ভাষাৰে সমালোচনা কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনকে দৰি বিশ্বৰ নেতাসকলক তেওঁ 'নিৰপেক্ষ আৰু ন্যায়'ৰ পথ অনুসৰণ কৰিবলৈ আহ্বান জনায় আৰু শীতল যুদ্ধৰ মানসিকতাৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায়। ইয়াৰ লগতে বিশ্বত নিজকে শক্তিশালী গোট বুলি জাহিৰ কৰিবলৈ বিচৰা আৰু ধমকি দিয়াসকলৰ বিৰোধিতা কৰিবলৈ তেওঁ আহ্বান জনায়। জিনপিঙে ট্রাম্পৰ নাম নোলোৱাকৈ তেওঁৰ শুল্ক দম্ভালিক কঠোৰ ভাষাৰে সমালোচনা কৰে। জিনপিঙে নেতাসকলৰ আগত কয় যে বর্তমান বিশ্বত অৰাজক আৰু দোধোৰ-মোধোৰ অৱস্থাৰ সৃষ্টি হৈছে। সদস্য দেশসমূহৰ নিৰাপত্তা আৰু উন্নয়ন অধিক প্রত্যাহ্বানমূলক হৈ পৰিছে।
তেওঁ কয় যে ২৪ বছৰৰ আগতে এছ চি অ' গঠন হোৱাৰ সময়ত ছাংহাই উদ্যমৰো স্থাপন হৈছিল আৰু ই আছিল পৰস্পৰৰ মাজত আস্থা, পৰস্পৰৰ লাভ, সমতা, আলোচনা-বিলোচনা, সভ্যতাৰ বৈচিত্ৰাৰ প্ৰতি সন্মান আৰু উমৈহতীয়া বিকাশ। জিনপিঙে কয়, 'সীমান্ত অঞ্চলত সামৰিক আস্থাৰ ভাব গঢ়ি তোলা, আমাৰ বিশাল সীমাক বন্ধুত্ব তথা পৰস্পৰৰ মাজত বন্ধুত্বৰ বন্ধনলৈ সলনি কৰা প্ৰথমখন দেশ। সন্ত্রাসবাদ, উগ্রবাদ আৰু বিচ্ছিন্নতাবাদৰ বিৰুদ্ধে বহুপাক্ষিক ব্যৱস্থা গ্রহণ কৰা আমি প্রথম দেশ।