আই চি চি টি-২০ বিশ্ব কাপ, ইটালিক ৭৩ ৰানত হৰুৱালে স্কটলেণ্ডে

dainik janambhumi February 10, 2026

ডিজিটেল ডেস্ক: মাইকেল লিস্কৰ অলৰাউণ্ড প্ৰদৰ্শনৰ লগতে অপেনাৰ জৰ্জ মুনছীৰ আক্ৰমণাত্মক অর্ধ শতৰানৰ সহায়ত আই চি চি টি-২০ বিশ্ব কাপত অভিষেক ঘটোৱা ইটালিক কালি ৭৩ ৰানত পৰাজিত কৰে স্কটলেণ্ডে। 

৫৪ বলত ৮৪ ৰান কৰা মুনছীয়ে অপেনিঙৰ যুটিত মাইকেল জোনছৰে (৩০টা বলত ৩৭) মিলি ১২৬ ৰানৰ সংযোজন ঘটাই দলৰ বাবে ভাল আৰম্ভণিৰ ভেটি গড়ে। শেষৰ ফালে লিস্কে অন্তিম ৫টা বলত দুটা ছয় আৰু দুটা চাৰিৰে গোটোৱা অবিজিত ২২ ৰানেৰে স্কটলেণ্ডে গ্রুপ 'চি'ৰ খেলত পোনতে বেট ধৰি ৪টা উইকেট হেৰুৱাই ২০৭ ৰান কৰে। 

প্ৰত্যুত্তৰত, ইটালিয়ে বেন মানেন্টিৰ ৩১টা বলত ৫২ আৰু হেৰী মানেন্টিৰ ৩৭ৰানেৰে যুঁজ দিলেও লক্ষ্য অতিক্রম কৰাত ব্যর্থ হয়। মানেন্টি ভ্রাতৃদ্বয়ে চতুর্থ উইকেটত ৭৩ ৰান যোগ দিয়ে যদিও ইটালিয়ে ১৬.৪ অ'ভাৰত ১৩৪ ৰান কৰি থমকি ৰ'বলগীয়া হয়। স্কটলেণ্ডৰ অফ্ স্পীনাৰ লিস্কে ১৭ ৰানত ৪টা উইকেট দখল কৰি ইটালিৰ বেটিং তচনচ কৰে।

Share This