স্কটলেণ্ডৰ স্থান নিশ্চিত হ'ল, টি-২০ বিশ্ব কাপৰ পৰা বাহিৰ বাংলাদেশ

dainik janambhumi January 25, 2026

ডিজিটেল ডেস্ক: বাংলাদেশ টি-২০ বিশ্ব কাপৰ পৰা বাহিৰ হোৱাটো নিশ্চিত হ'ল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (আই চি চি) কালি বাংলাদেশক এই কথা আনুষ্ঠানিকভাৱে জনাই দি কয় যে তেওঁলোকৰ স্থানত স্কটলেণ্ডক বিশ্ব কাপত লোৱা হৈছে। 

আই চি চিয়ে এখন পত্রযোগে বাংলাদেশ ক্রিকেট ব'র্ডক (বি চি বি) এই কথা জনায়। বাংলাদেশক টি-২০ বিশ্ব কাপৰ পৰা বাদ দিয়াৰ পাছত স্কটলেণ্ডক গ্রুপ-চিত লোৱা হয়। গ্রুপ-চিত স্কটলেণ্ডে ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ, নেপাল আৰু ইটালিৰ বিৰুদ্ধে খেলিব। 

ভাৰতত বাংলাদেশী ক্রিকেটাৰৰ নিৰাপত্তাক চিন্তা প্রকাশ কৰি বি চি বিয়ে প্রতিযোগিতাৰ বাবে দল প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰিছিল। জানিব পৰা মতে অধ্যক্ষ জয় শ্বাহকে ধৰি আই চি চিৰ জ্যেষ্ঠ বিষয়ববীয়াসকল শুকুৰবাৰে ডুবাইত উপস্থিত আছিল। শুকুৰবাৰে শেহ নিশা বি চি বিৰ সভাপতি আমিনুল ইছলাম বুলবুললৈ ই-মেইল প্ৰেৰণ কৰি বিশ্ব ক্ৰিকেটৰ নিয়ন্ত্রক সংস্থাটোৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে।

Share This