ডিজিটেল ডেস্ক: ৩৬ বছৰৰ পাছত ফুটবল বিশ্বকাপত প্রথম জয় পালে স্কটলেণ্ডে। আনহাতে, ২৮ বছৰৰ পাছত মূল পর্বত খেলাৰ সুযোগ লাভ কৰিয়েই প্রথম মেচতে জয় কঢ়িয়াই আনিলে ষ্টিভ ক্লাৰ্কৰ প্ৰশিক্ষণপ্রাপ্ত দলটোৱে। জন মেক গিনে ২৮ মিনিটত দিয়া গ'লৰ সহায়ত হাইটিক গ্রুপ 'চি'ৰ শনিবাৰৰ খেলত ১-০ ব্যৱধানত পৰাজিত কৰে স্কটলেণ্ডে।
শেষবাৰ ১৯৯৮ চনত বিশ্ব কাপৰ গ্ৰুপ পৰ্যায়ত এখনো মেচত জয়ী হ'ব পৰা নাছিল স্কটলেণ্ড। ইয়াৰ আগেয়ে বিশ্বকাপত ৪খন মেচ খেলা স্কটিছ বাহিনীয়ে এইবাৰৰ প্ৰতিযোগিতাখনত প্রথম মেচতেই জয়ৰ সোৱাদ লাভ কৰে। ইফালে, হাইটিয়ে ১৯৭৪ চনৰ পাছত প্ৰথমবাৰলৈ বিশ্বকাপত অংশ লৈছে। বিশ্বকাপত প্রথমটো পইন্ট গোটোৱাৰ লক্ষ্যৰে পৰৱৰ্তী খেলত নামিব হাইটিয়ে।