ফিফা বিশ্বকাপ ফুটবল আৰম্ভ, ফুটবলৰ মহাৰণৰ প্ৰাকক্ষণত নিৰাপত্তাত গাফিলতি

dainik janambhumi June 12, 2026

ডিজিটেল ডেস্ক : মেক্সিকো চিটিৰ আজটেকা ষ্টেডিয়ামত বৃহস্পতিবাৰে নিশা (স্থানীয় সময় অনুসৰি দুপৰীয়া) বর্ণাঢ্য কাৰ্য্যসূচীৰ মাজেৰে বিশ্বকাপ ফুটবল উদ্বোধন কৰা হয়। কলম্বিয়াৰ পপ গায়িকা ছাকিৰা আৰু নাইজেৰিয়াৰ পপ তাৰকা বর্না বয়ৰ গীত আৰু নাচ এইবাৰৰ বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানৰ অন্যতম আকর্ষণ আছিল। ভাৰতীয় সময় অনুসৰি ১০-৩০ বজাত এই উদ্বোধনী অনুষ্ঠানৰ আৰম্ভণি হৈছিল মেক্সিকান ৰক বেণ্ড মানাৰ পৰা। মানাই স্থানীয় ভাষাত জনপ্রিয় গীত 'অয়ে অয়ে মে আমোৰ' গাই দৰ্শকৰ হৃদয় জয় কৰে। 

ইয়াৰ পাছতে ভেনিজুৱেলাৰ গায়ক ডেনি ওছানে মঞ্চত স্পেনিছ গীত পৰিৱেশন কৰি দর্শকক মন্ত্রমুগ্ধ কৰি তোলে। ৪৮টা দলে ভাগ লোৱা এইবাৰৰ বিশ্বকাপৰ উদ্বোধনী মেচখন ঘৰুৱা দল মেক্সিকো আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হয়। আনহাতে বিশ্বকাপ আৰম্ভ হোৱাৰ আগেয়ে আইচলেণ্ডৰ বিৰুদ্ধে অন্তিম প্রস্তুতি মেচ আছিল আর্জেন্টিনাৰ। সেই মেচৰ বাবে দলৰ তালিকাত ফুটবলাৰৰ নামৰ কাষতে লিখা আছিল তেওঁলোকৰ পাছপ'ৰ্টৰ তথ্য। 

সেই তথ্য সাংবাদিক আৰু ৮৮,০০০ দৰ্শকৰ হাতত পৰেগৈ। ইয়াৰ ফলত লায় 'নেল মেছি বাহিনীয়ে ক্ষতিগ্রস্ত হ'বলগীয়া হয়। বিশ্বকাপত নিৰাপত্তা কটকটীয়া কৰিছে ড'নাল্ড ট্রাম্প প্রশাসনে। কিন্তু ইয়াৰ মাজতে পোহৰলৈ আহিল নিৰাপত্তাৰ বৃহৎ গাফিলতি। আর্জেন্টিনাই আলাবামা ষ্টেডিয়ামত আইচলেণ্ডৰ বিৰুদ্ধে অন্তিম প্রস্তুতি খেলত নামিছিল। যোৱাবাৰৰ বিশ্ব চেম্পিয়নক চাবলৈ ৮৮,০০০ আসনৰ ষ্টেডিয়ামখন ভৰি পৰিছিল। খেলখনৰ পূৰ্বে দুয়োটা দলৰ ফুটবলাৰৰ তালিকা প্রকাশ কৰা হৈছিল। আইচলেণ্ডৰ তালিকাত কেৱল ফুটবলাৰৰ নামহে আছিল কিন্তু আর্জেন্টিনাৰ তালিকাত ফুটবলাৰসকলৰ পাছপ'র্টত ব্যক্তিগত তথ্য আছিল, সেয়া প্রকাশ পালে। এই ঘটনাৰ পাছত ফুটবলাৰৰ সুৰক্ষাক লৈ প্রশ্ন উত্থাপিত হৈছে। এনেদৰে ব্যক্তিগত তথ্য ৰাজহুৱা হ'লে ফুটবলাৰসকল বিপদত পৰিব পাৰে। যিখন দেশত ইমান কঠোৰতা বলবৎ কৰা হৈছে, সেইখন দেশত ইমান বৃহৎ গাফিলতি কেনেকৈ হ'ব পাৰে? অৱশ্যে এই প্রসংগত ফিফা, ট্রাম্প প্রশাসন অথবা আর্জেন্টিনা ফুটবল সন্থাই একো কোৱা নাই।

Share This