জ্যেষ্ঠ সাংবাদিক দীপক চক্ৰৱৰ্তীলৈ সংবাদ ৰত্ন ৰাষ্ট্ৰীয় বঁটা, দীর্ঘদিনে সততাৰে সংবাদসেৱা কৰাৰ স্বীকৃতি

dainik janambhumi October 18, 2025

ডিজিটেল ডেস্ক : দৈনিক জনমভূমি কাকতৰ মুখ্য উপ-সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক দীপক চক্ৰৱৰ্তীলৈ ৰাষ্ট্ৰীয় মহিলা সুৰক্ষা সংগঠনে আগবঢ়াইছে সংবাদ ৰত্ন ৰাষ্ট্ৰীয় বঁটা - ২০২৫। দীর্ঘদিন ধৰি সততা, নিষ্ঠা আৰু সাহসিকতাৰে সংবাদ সেৱা কৰি অহাৰ বাবে তেওঁক এই বঁটা প্রদান কৰা হ'ব। অহা নৱেম্বৰ মাহত এই ৰাষ্ট্ৰীয় বঁটাটো তেওঁক প্ৰদান কৰা হ'ব বুলি উদ্যোক্তাসকলে জনাইছে। 

 

উল্লেখযোগ্য যে চক্ৰৱৰ্তী বিগত ২৪ বছৰ ধৰি একেৰাহে সাংবাদিকতাৰ ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে। নলবাৰী জিলাৰ নিজ বাঁহজানী গাঁৱৰ প্ৰয়াত নগেন্দ্ৰ নাথ চক্রবর্তী আৰু বীণাপাণি চক্ৰৱৰ্তীৰ কনিষ্ঠ পুত্ৰ দীপক চক্ৰৱৰ্তীয়ে সাপ্তাহিক কামপীঠ, দৈনিক জনসাধাৰণ কাকতৰ পাছত সম্প্ৰতি দৈনিক জনমভূমি কাকতত কৰ্মৰত হৈ আছে। 

 

ইয়াৰ পূৰ্বে চক্ৰৱৰ্তীয়ে সদৌ অসম সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি, ৰাজ্যখনৰ এগৰাকী বৰেণ্য সাংবাদিক প্রয়াত ৰোহিণী মেধি সোঁৱৰণী বঁটাও লাভকৰিছে। তেওঁৰ সাফল্যত বিভিন্ন দল-সংগঠন, অনুষ্ঠানে শুভেচ্ছা জনাইছে।

Share This