ডিজিটেল ডেস্ক : ভাৰত-পাকিস্তান সীমান্তত এক গুৰুত্বপূৰ্ণ অভিযানত সীমান্ত নিৰাপত্তা বাহিনীয়ে (বি এছ এফ) জম্মু ফ্রন্টিয়াৰৰ চাম্বা ছেক্টৰত এক অনুপ্ৰৱেশৰ প্ৰচেষ্টা ব্যর্থ কৰে আৰু ৭টা সন্ত্রাসবাদীক হত্যা কৰে। এটখ বিবৃতিৰ যোগে বি এছ এফে এই কথা নিশ্চিত কৰে। বৃহস্পতিবাৰৰ নিশা ১১ বজাত চাম্বা জিলাত সন্ত্রাসবাদীৰ 'এটা বৃহৎ দল'-এ ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলায়।
সন্ত্রাসবাদী দলটোৰ অনুপ্ৰৱেশত সহায় কৰিবলৈ পাকিস্তানী ৰেঞ্জাৰে ধনধাৰ চকীৰ পৰা ভাৰতৰ ফালে গুলীচালনাও কৰে। কিন্তু বি এছ এফৰ অত্যাধুনিক 'ছাৰভেইলেন্স গ্রীডে' ধৰা পেলায়। তেতিয়া বি এছ এফে গুলীচালনা কৰে আৰু এই গুলীচালনাত ৭টা সন্ত্রাসবাদী নিহত হয়। সীমান্ত নিৰাপত্তা বাহিনীৰ মতে, নিহত হোৱা সন্ত্রাসবাদীৰ সংখ্যা বেছিও হ'ব পাৰে। তদুপৰি বি এছ এফে পাকিস্তানী ৰেঞ্জাৰৰ ধনধাৰ চকীটোৰ বিস্তৰ ক্ষতি কৰে।
বি এছ এফে পাকিস্তানী উক্ত চকীটোৰ ধ্বংসৰ হেণ্ড-হেল্ড থাৰ্মেল ইমেজাৰ ক্লিপো জাৰি কৰে। উল্লেখযোগ্য যে ভাৰত-পাকিস্তানৰ মাজৰ ৩,৩২৩ কিল'মিটাৰ সীমান্তৰ ৰক্ষাৰ দায়িত্বত আছে সীমান্ত নিৰাপত্তা বাহিনী।